♦ ১০০ শতাংশ উৰ্ত্তীণৰ সফলতাৰ দৌৰত পুৰণিগুদাম বিদ্যানিকেতন

ষড়ানন বৰা, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামত ১৯৯৬ চনত প্ৰতিষ্ঠা লাভ কৰা পুৰণিগুদাম বিদ্যানিকেতনে বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে।ই

ইয়াৰেই ফলশ্ৰুতিত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এই বিদ্যালয়ৰ দুজনকৈ ছাত্ৰই ৰাজ্যৰ ভিতৰতে সপ্তম আৰু দশম স্থান দখল কৰি পুৰণিগুদামৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

বিগত বৰ্ষসমূহত হৈ যোৱা সফলতাৰ দৰে এইবাৰো বিদ্যালয়খনে ১০০ শতাংশ উত্তীৰ্ণ সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰপৰা মুঠ ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

ইয়াৰে দুজন ছাত্ৰই অসমৰ ভিতৰত স্থান লাভ কৰাৰ লগতে ১৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংচন লাভ কৰাৰ উপৰি ১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক, ২৪ গৰাকীয়ে প্ৰথম বিভাগ, ১২ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু মাত্ৰ দুগৰাকীয়ে তৃতীয় বিভাগত উৰ্ত্তীণ হ’বলৈ সক্ষম হৈছে।

এই ফলাফলে পুৰণিগুদামবাসীক উৎফুল্লিত কৰি তুলিছে। উল্লেখ যে এই বিদ্যালয়খনে ২০২০ বৰ্ষত ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিব। এই ৰূপালী জয়ন্তী উৎসৱ আড়ম্বৰপূৰ্ণভাৱে পালন কৰাৰ প্ৰস্তুতি চলি থকাৰ সময়তে এনে ধৰণৰ ফলাফলে শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষক বাৰুকৈয়ে উৎফুল্লিত কৰি তুলিছে।