122
ষড়ানন বৰা, চামগুৰিঃ গুৱাহাটী গ্ৰেণেড বিস্ফোৰণত জড়িত থকাৰ সন্দেহত শুকুৰবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ইন্দ্ৰমোহন বৰাৰ ঘৰ পুৰণিগুদাম চলচলী বিৰহী গাঁৱৰ নগঞাচুকত।
ইন্দ্ৰমোহন বৰা পেছাত এজন চিচি কেমেৰা অপাৰেটৰ। ইন্দ্ৰমোহন বৰাৰ দেউতাকৰ নাম ৰেৱকান্ত বৰা আৰু মাতৃৰ নাম ভাৰতী বৰা। দেউতাক গোলাঘাট সদৰ আৰক্ষী থানাত ব’ৰ্ডাৰ আৰক্ষী বিভাগত কৰ্মৰত আছিল।