![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/pm_2.jpg?itok=SSEDLRNS)
চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিৰ ৰাইনুজ একাদশৰ উদ্যোগত অনুস্থিত প্ৰাইজ মানী ক্ৰিকেট প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। চামগুৰি উচ্চত্বৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত যোৱা ২৩ মাৰ্চৰ পৰা অনুস্থিত প্ৰতিযোগিতা খনত ৩২ টা দলে দলে অংশগ্ৰহণ কৰিছিল।
প্ৰতিযোগিতাৰ ফাইনেল খেলখন নগাঁৱৰ প্ৰাঞ্জল একাদশ ক্ৰিকেট ক্লাব আৰু চামগুৰিৰ ৰাইনুজ একাদশ ক্ৰিকেট ক্লাবৰ মাজত আজি বিয়লি অনুস্থিত হয়। প্ৰাঞ্জল একাদশে নিৰ্দ্ধাৰিত ১২অভাৰত ৯টা ইকেটৰ বিনিময়ত ১৪৮ৰান কৰাৰ বিপৰীতে ৰাইনুজ একাদশে আটাইকেইটা উইকেটৰ বিনিময়ত মাত্ৰ ৭৯ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
প্ৰতিযোগিতাখনৰ শেষত প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে চেম্পিয়ন নগাঁৱৰ প্ৰাঞ্জল একাদশক প্ৰাইজ মানীৰ লগতে ট্ৰফী প্ৰদান কৰে।
আজি বিয়লি অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত অগপ নেতা ভৰত দাস, সমাজ সেৱক বনমালী কলিতা, ভদ্ৰ কলিতা, পূৰ্ণ হাজৰিকা, চামগুৰি শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য দীগেন বৰাকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
প্ৰতিযোগিতা খনত মেন অৱ দা মেচৰ খিতাপ অৰ্জন কৰে নিলোৎপল বৰাই। আনহাতে মেন অৱ দা চিৰিজ অৰ্জন কৰে দীপাংকৰ শইকীয়াই।