চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিৰ ৰাইনুজ একাদশৰ উদ্যোগত অনুস্থিত প্ৰাইজ মানী ক্ৰিকেট প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। চামগুৰি উচ্চত্বৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত যোৱা ২৩ মাৰ্চৰ পৰা অনুস্থিত প্ৰতিযোগিতা খনত ৩২ টা দলে দলে অংশগ্ৰহণ কৰিছিল।
প্ৰতিযোগিতাৰ ফাইনেল খেলখন নগাঁৱৰ প্ৰাঞ্জল একাদশ ক্ৰিকেট ক্লাব আৰু চামগুৰিৰ ৰাইনুজ একাদশ ক্ৰিকেট ক্লাবৰ মাজত আজি বিয়লি অনুস্থিত হয়। প্ৰাঞ্জল একাদশে নিৰ্দ্ধাৰিত ১২অভাৰত ৯টা ইকেটৰ বিনিময়ত ১৪৮ৰান কৰাৰ বিপৰীতে ৰাইনুজ একাদশে আটাইকেইটা উইকেটৰ বিনিময়ত মাত্ৰ ৭৯ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।