72
চামগুৰিঃ কলং পৰীয়া কলা-সংস্কৃতি-শিক্ষাৰ তালে-তালে খোজ দিছে চামগুৰিৰ শিশুৱেও। বৃহস্পতিবাৰে চামগুৰি স্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত শিশুহঁতৰ দ্বাৰা প্ৰদৰ্শিত নৃত্য-গীত-যোগ-অভিনয়ৰে মুখৰিত হৈ পৰিল সমগ্ৰ অঞ্চলটো।
অনুষ্ঠানৰ সময়চোৱাত পাচ শতাধিক স্থানীয় ৰাইজ তথা প্ৰেক্ষাগৃহটিত ভিৰ কৰা অভিভাৱকে প্ৰশংসাৰেও উপচাই পেলালে কণমানি সু-নিপুণ শিশু ছাত্ৰ-ছাত্ৰী সকলক।