চামগুৰিঃ বান বিধ্বস্ত এটা অঞ্চল হ’ল চামগুৰিৰ নিকটৱৰ্তী ভুৰবন্ধা, ভগামুখ, বৰঘুলিকে আদি কৰি বৃহত্তৰ অঞ্চলটো বিগত বছৰ বছৰ ধৰি এই অঞ্চলৰ ৰাইজ সৰ্বস্বান্ত হৈ আহিছে বান গৰাখহনীয়াত। ২০১৭ চনত প্ৰলয়ংকাৰী বানৰ কবলত পৰি সৰ্বস্ৰান্ত এতিয়াও বহুলোকে বসবাস কৰি আছে অস্বাস্থ্যকৰভাৱে।
বিভিন্ন দল সংগঠনকে ধৰি ৰাইজে বিভিন্ন সময়ত চৰকাৰক আবেদন কৰি আহিছে যদিও চৰকাৰে কেবল প্ৰতিশ্ৰুতিৰ বন্যাহে বোৱাইছে। এয়া হৈছে চামগুৰিৰ ভুৰবন্ধাৰপৰা চোলঙলৈকে নিৰ্মাণ কৰা মাথাউৰি।