চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদাম জলাহগাঁৱৰ প্ৰাক্তন শিক্ষক, বিশিষ্ট সমাজকৰ্মী তথা শাস্ত্ৰজ্ঞ ব্যক্তি বংশীধৰ শইকীয়াৰ মঙলবাৰে বিয়লি প্ৰায় চাৰি বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৮৫ ভছৰ আছিল৷
অঞ্চলৰ বিভিন্ন সামাজিক, সাংস্কৃতিক কাম-কাজৰ লগত জড়িত থকা ব্যক্তি তথা প্ৰাক্তন শিক্ষক বংশীধৰ শইকীয়াই আকস্মিকভাৱে মৃত্যুক সাৱটি লোৱাত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে-লগে অসংখ্য গুণমুগ্ধই শইকীয়াৰ বাসগৃহত উপস্থিত হৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে এক শোভাযাত্ৰা কৰি তেওঁৰ মৃতদেহ অন্তিম সৎকাৰৰ বাবে লৈ যায়৷