ভাৰতৰ প্ৰাচীন ধৰ্ম সনাতন ধৰ্মক লৈ তামিলনাডু চৰকাৰৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উদয়ানিধি ষ্টেলিনে কৰা এটা মন্তব্যক লৈ এতিয়া দেশজুৰি সৃষ্টি হৈছে বিতৰ্কৰ। ১ ছেপ্টেম্বৰত ডিএমকেৰ নেতাগৰাকীয়ে তামিলনাডুত আয়োজিত এক কাৰ্যসূচীত সনাতন ধৰ্মক সামাজিকভাৱে অশুভ বুলি অভিহিত কৰি সনাতন ধৰ্মক নিৰ্মূলৰ বাবে আহ্বান জনাই এতিয়া বিজেপি, আৰএছএছৰ লগতে হিন্দুত্ববাদী দল-সংগঠনৰ ৰোষত পৰিছে।
উল্লেখ্য যে, উদয়ানিধি ষ্টেলিনে এক অনুষ্ঠানত প্ৰদান কৰা ভাষণত কৈছিল, “সনাতন ধৰ্ম হৈছে জাতি আৰু ধৰ্মৰ নামত মানুহক বিভাজিত কৰা এটা ধাৰণা, ইয়াৰ অন্ত পেলোৱাটোৱেই হৈছে মানৱতা আৰু সমতাৰ প্ৰসাৰ।” তেওঁ লগতে এয়াও কয় যে আমি যিদৰে মহ, ডেংগু, মেলেৰিয়া আৰু ক’ৰোনাক নিৰ্মূল কৰোঁ, কেৱল সনাতন ধৰ্মৰ বিৰোধিতা কৰিলেই নহ’ব। ইয়াক সমাজৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই পেলাব লাগিব।