newsnextone.com | ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ অভিনীত সঞ্জয় দত্তৰ জীৱন ভিত্তিক ছবি ‘সঞ্জু’ৱে বক্স অফিচত অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ছবিখনে ৫০০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়৷ 

বক্স অফিচত একপ্ৰকাৰ খলকনি লগাইছে সঞ্জুৱে৷ ৰণবীৰ কাপুৰ অভিনীত সঞ্জয় দত্তৰ জীৱন ভিত্তিক ছবি সঞ্জুৱে ৩০০ কোটিৰ ক্লাৱ পাৰ কৰি ৫০০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷ দেশতে নহয় বিদেশতো ভাল উপাৰ্জন কৰিছে হিন্দী বোলছবি খনে৷ ৫০০ কোটিৰ ঘৰ পাৰ হোৱাৰ লগতে আৰু অধিক ধন উপাৰ্জন কৰাৰ সম্ভৱনা আছে৷ 

পদ্মাৱতৰ পিছতে বিগ বাজেটৰ বোলছবি খনে ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷ ছবিখন ছবি গৃহলৈ অহাৰ পূৰ্বে ইমান টকা উপাৰ্জন কৰিব পাৰিব বুলি আশা কৰা হোৱা নাছিল৷ কিন্তু ছবিখন দৰ্শকে আকোৱালি লোৱাৰ লগতে ছবি সমালোচকে উচ্চ প্ৰশংসা কৰে৷ দৰ্শকে ৰণবীৰ কাপুৰৰ অভিনয়ক প্ৰশংসা কৰাৰ লগতে ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰেও প্ৰশংসা কৰিছিল৷ ৰাজ কুমাৰ হিৰাণীৰ ছবিখনে ইতিমধ্যে ৫০০ কোটি টকা উপাৰ্জন কৰিছে বুলি trade analysis-এ প্ৰকাশ কৰিছে৷