ডিজিটেল ডেস্কঃ বলিউডত যিকোনো ছবি মুক্তি লাভ কৰাৰ আগেয়ে ছবিখনৰ নাচ-গান, ট্ৰেইলাৰ-টিজাৰ ইউটিউব যোগে হৈ পৰে জনপ্ৰিয়। কিন্তু এনে এটা টিজাৰ যে দেশে-বিদেশে ভাইৰেল হৈ পৰিব সেয়া নিজ চকুৰে নাচালে বিশ্বাস কৰাটো টান। ঠিক এনেকুৱাই এটা টিজাৰ হৈছে বলিউড জগতত এসময়ত দপদপাই ফুৰা খলনায়ক হিচাপে খ্যাত সঞ্জয় দত্তৰ জীৱনৰ কাহিনীৰ আধাৰত নিৰ্মিত ‘সঞ্জু’ নামৰ ছবিখন। মুক্তি পাব অহা ২৯ জুনত৷
ইতিমধ্যে এই ছবিখনৰ ১ মিনিট ১৬ ছেকেণ্ডৰ টিজাৰটোৱে ইউটিউবত তোলপাৰ লগাইছে। এতিয়ালৈ ১ কোটি ৩০ লাখ মানুহে চাইছে সেই টিজাৰটো। ভাৰতত ১ নম্বৰত ট্ৰেণ্ডিং হৈ থকা ভিডিঅ’টো আমেৰিকাত ৩ নম্বৰ ট্ৰেণ্ডিঙত আছে।