বটদ্ৰৱা/জাজৰিঃ বটদ্ৰৱাত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মোৎসৱ৷ তিনিদিনীয়া কাৰ্যসূচীৰে জন্মস্থান দ্বিতীয় বৈকুণ্ঠপুৰী শ্ৰীশ্ৰী বটদ্ৰৱা থানত আৰম্ভ হোৱা জন্মোৎসৱত পুৱাৰে পৰা বিভিন্ন স্থানৰ তীৰ্থযাত্ৰীৰে গুৰুজনাৰ জন্মস্থান ভৰি পৰে৷ শুকুৰবাৰে পুৱা ৩-৩০ বজাত তাল কোবোৱা প্ৰসংগৰে আৰম্ভ হয় জন্মোৎসৱ।
৪ বজাত মঞ্জিৰা নাম, পুৱা ৮ বজাত আই সকলৰ নাম, পুৱা ১০ বজাত খোল প্ৰসংগ, ১১ বজাত নাম প্ৰসংগ, ২ বজাত গুৰু চৰিত পাঠ কৰিব শ্ৰীশ্ৰীশলগুৰি সত্রৰ ডম্বৰুধৰ বৰ নামলগোৱাই। সন্ধিয়া ৬ বজাৰ পৰা পবিত্র আকাশী গংগাৰ পাৰত অনুষ্ঠিত হ’ব লগা সত্রীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপ-সভাপতি দেৱানন্দ দেৱ গোস্বামীয়ে।