মুম্বাইঃ ক্ৰিকেটৰ পিছত সংগীত জগতত খোজ পেলাইছে ক্ৰিকেটৰ ভগৱানজনে৷ গায়ক চনু নিগমৰ সৈতে পোনপ্ৰথমবাৰৰ বাবে বাণীবদ্ধ কৰিলে তেণ্ডুলকাৰে৷  

বৃহস্পতিবাৰে  ক্ৰিকেটাৰজনৰ নিজৰ এপ "১০০ এম বি" ৰ মুকলি অনুষ্ঠানত এই কথা প্ৰকাশ কৰে খেলুৱৈজনে৷ "গেণ্ড আয়ী, বালা ঘুমা" শীৰ্ষক গানটোৰ প্ৰথম শাৰীটোত শচীনৰ লগতে কণ্ঠ দিছে চনু নিগমে৷

সংগীতৰ প্ৰতি শচীনৰ হেপাহৰ কথা কোৱাৰ লগতে তেওঁ তেওঁৰ সতীৰ্থ শিল্পীসকলক ধন্যবাদ জ্ঞাপন কৰে৷ তদুপৰি শচীনৰ এই সংগীতপ্ৰেমৰ আঁৰত পত্নীৰ উৎসাহৰ কথাও প্ৰকাশ কৰে৷ পুৰণি হিন্দী গান, ইংৰাজী গানৰ ওপৰিও স্পেনিছ গানৰো ভক্ত তেণ্ডুলকাৰ৷