গুৱাহাটীঃ নানা আকৰ্ষণীয় ডিজাইনৰ জিন্স-টপ, লেহেংগা, চুৰিদাৰ, প্লাজোৰ পয়োভৰৰ মাজতো জনপ্ৰিয়তা একেই আছে শাৰীৰ। ক'বলৈ গ'লে শাৰী বুলিলে এতিয়াও উদ্বাউল হৈ পৰে ভাৰতীয় যুৱতী-মহিলাসকল।

ৰং-বিৰঙৰ শাৰীৰ প্ৰতি যুৱতী-মহিলাৰ এনে আকৰ্ষণৰ প্ৰতি লক্ষ্য ৰাখিয়েই ২০১৫ চনত ক্ৰিয়েট হৈছিল এটি ফেচবুক গ্ৰুপ ‘দ্যা শাৰী সাগা’। ৫৫ হাজাৰ মহিলা অন্তৰ্ভূক্ত হোৱা এই গ্ৰুপটোৱে কেৱল পিন্ধন-উৰণতে সীমাবদ্ধ নাথাকি বিগত সময়ছোৱাত একাধিক সামাজিক কাম-কাজৰ সৈতেও জড়িত হৈ আহিছে।

এনেদৰে দেশৰ ভিন্ন প্ৰান্তৰ শাৰী পৰিধান কৰি ভালপোৱা মহিলাসকলৰ সহযোগত ক্ৰমাৎ বৃহৎ ৰূপ ধাৰণ কৰা ‘দ্যা শাৰী সাগা’ই যোৱা ২৪ ডিচেম্বৰত গুৱাহাটীত দ্বিতীয় বৰ্ষপূৰ্তি পালন কৰে। আড়ম্বৰপূৰ্ণভাৱে আয়োজিত এই অনুষ্ঠানটোত অসমৰ চিনাকি পাট-মুগাৰ সাজপাৰক সমগ্ৰ দেশতে জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে গ্ৰুপ মেম্বাৰসকলে।

উল্লেখ্য যে প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে বিগত বৰ্ষত গ্ৰুপটোৱে বাংগালুৰুৰ অভয়া আশ্ৰমত অনাথ যুৱতীসকলৰ মাজত শাৰী বিতৰণ কৰিছিল। একেদৰে দ্বিতীয় বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি যোৱা অক্টোবৰত গ্ৰুপটোৱে গুৱাহাটীত স্তনৰ কৰ্কট ৰোগ বিষয়ক এক সজাগতামূলক অনুষ্ঠান আয়োজন কৰাৰ লগতে 'স্বাৱলম্বী' নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত আৰ্থিকভাৱে অনগ্ৰসৰসসকলৰ মাজত কাপোৰ বিতৰণ কৰে।

ইয়াৰ লগতে গ্ৰুপটোৱে আন এটা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ৮গৰাকী ছাত্ৰীৰ অধ্যায়নৰ খা-খৰছো বহন কৰি আহিছে।