ডিজিটেল ডেস্কঃ মাথো দুবছৰৰ অপেক্ষা৷ সলনি হৈ পৰিব দেশৰ টেলি কমিউনিকেশ্যনৰ ক্ষেত্ৰখন৷ সকলোৰে হাতে হাতে হৈ পৰিব ছেটেলাইট ফোন৷ বি এছ এন এলৰ সূত্ৰই সদৰী কৰিছে এই কথা৷  

ছেটেলাইট ফোনৰ প্ৰচলন আৰম্ভ হ’লেই দুৰ্গম অঞ্চলতো যোগাযোগ তেনেই সহজ হৈ পৰিব৷ আনকি প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মোবাইল সংযোগ বিচ্ছিন্ন হৈ পৰিলেও ছেটেলাইট ফোন অহৰহ সক্ৰিয় হৈ থাকিব৷

বি এছ এন এলৰ চেয়াৰমেনে জনোৱা মতে, ইয়াৰ বাবে ইতিমধ্যে ইণ্টাৰনেশ্যনেল মেৰিটাইম অৰ্গেনাইজেশ্যনত আবেদন জনোৱা হৈছে৷ ১৮-২৪ মাহৰ ভিতৰত মেৰিটাইমৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ পৰিব বুলিও আশা প্ৰকাশ কৰে বি এছ এন এলৰ বিষয়াজনে৷

বিষয়াজনে সদৰী কৰা মতে, ছেটেলাইট ফোনৰ প্ৰচলনে দেশৰ নেটৱৰ্কে ঢুকি নোপোৱা ঠাই সমূহতো যোগাযোগ সহজলভ্য কৰি তুলিব৷ কিয়নো এই ফোনৰ ক্ষেত্ৰত কোনো টাৱাৰৰ প্ৰয়োজন নহয়৷ পৃথিৱীৰ পৰা ৩৫,৭০০ কিলোমিটাৰ দূৰত্বত থকা কৃত্ৰিম উপগ্ৰহৰ পৰা ছিগনেল লাভ কৰে এই ছেটেলাইট ফোনে৷ ইয়াৰ বিপৰীতে চেলুলাৰ ফোনে মোবাইল টাৱাৰৰ ২৫-৩০ কিলোমিটাৰ দূৰত্বৰ পৰাহে নেটৱৰ্ক লাভ কৰে৷

উল্লেখ্য যে, ভাৰতত ছেটেলাইট ফোনৰ ব্যৱহাৰ তেনেই কম৷ বৰ্তমানলৈকে কেৱল সেনা বাহিনী আৰু নিৰাপত্তা সংস্থাৰ লোকসকলেহে ছেটেলাইট ফোন ব্যৱহাৰ কৰি আহিছে৷ এতিয়া যদিহে সাধাৰণ মানুহেও ছেটেলাইট ফোন ব্যৱহাৰৰ সুবিধা লাভ কৰে তেন্তে দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিব পাৰে বুলিও আশংকা ব্যক্ত কৰিছে বহুজনে৷