92
ডিজিটেল ডেস্কঃ মাথো দুবছৰৰ অপেক্ষা৷ সলনি হৈ পৰিব দেশৰ টেলি কমিউনিকেশ্যনৰ ক্ষেত্ৰখন৷ সকলোৰে হাতে হাতে হৈ পৰিব ছেটেলাইট ফোন৷ বি এছ এন এলৰ সূত্ৰই সদৰী কৰিছে এই কথা৷
ছেটেলাইট ফোনৰ প্ৰচলন আৰম্ভ হ’লেই দুৰ্গম অঞ্চলতো যোগাযোগ তেনেই সহজ হৈ পৰিব৷ আনকি প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মোবাইল সংযোগ বিচ্ছিন্ন হৈ পৰিলেও ছেটেলাইট ফোন অহৰহ সক্ৰিয় হৈ থাকিব৷