ধনশিৰিঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাট ৰ আত্মবোধ আশ্ৰম প্ৰাংগনত আজিৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে মহান পুৰুষ মানৱ ধৰ্মৰ প্ৰনেতা সতগুৰু শ্ৰী সতপাল দেৱ মহাৰাজৰ ৬৭তম পবিত্ৰ জন্মদিৱস উদযাপন কৰা হয়৷
১৯, ২০, আৰু ২১ ছেপ্তেম্বৰত তিনি দিনীয়া কাৰ্যসূচীৰে পালন কৰা জন্মদিন অনুষ্ঠানৰ আজি অনুষ্ঠিত প্ৰথম দিনাৰ কাৰ্যসূচী মৰ্মে পুৱা ৮ বজাত সত্য নামৰ ধ্বজা উত্তোলন কৰা হয়৷ ৯ বজাৰ বৃক্ষ ৰোপন কাৰ্যসূচীৰ পাছত ১০ বজাত চাফাই অভিযান কাৰ্যসূচী হাতত লোৱা হয়।