গোলাঘাটঃ অৱশেষত জামিন লাভ কৰিলে গোলাঘাট জিলা কাৰাগাৰত প্ৰায় ২৮ দিন ধৰি কাৰাবন্দী হৈ থকা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই৷ ছাত্ৰ নেতাগৰাকীক গোলাঘাট জিলা সত্ৰ ন্যায়িক দণ্ডাধীশ আদালতে ২০ হাজাৰ টকাৰ আমানতত জামিন মঞ্জুৰ কৰে৷ নেতাগৰাকীৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰে অধিবক্তা প্ৰাঞ্জল গগৈয়ে।
উল্লেখ্য যে ‘কা’ বিৰোধী আন্দোলনৰ সময়ত ছাত্ৰ নেতাগৰাকীৰ বিৰুদ্ধে হত্যাৰ প্ৰচেষ্টা চলোৱা আৰু আৰএছএছৰ গোলাঘাটৰ কাৰ্যালয়ত অগ্নি সংযোগ কৰাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছিল। সেই মৰ্মে যোৱা ২৯ ফেব্ৰুৱাৰীত গোলাঘাট সদৰ আৰক্ষীয়ে ১১৯১/২০১৯ নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ড বিধি আইনৰ১৪১/১৪২/১৪৩/১৮৮/৩৩৬/৩৪১/৩৫৩/৩০৭/৫০৬ ধাৰাৰ অধীনত ছাত্ৰ নেতাগৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।