বিশেষ প্ৰতিবেদনঃ মহাত্মা গান্ধীৰ পৰামৰ্শমতে আন্দামানৰ কলীয়াপানীত থকা সময়ত ভাৰতৰ তেতিয়াৰ ব্ৰিটিছ শাসকলৈ ক্ষমাপত্ৰ লিখিছিল বিনায়ক দামোদৰ ছাভাৰকাৰে। যোৱা ১২ অক্টোবৰত এই মন্তব্য কৰিছিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
‘বীৰ ছাভাৰকাৰঃ দ্য মেন হু কুড হেভ প্ৰিভেণ্টেড পাৰ্টিশ্যন’ শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত ৰাজনাথ সিঙে কৈছিল, ‘ছাভাৰকাৰৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই অহা হৈছে। এনেকৈ কৈ অহা হৈছে যে ছাভাৰকাৰে বাৰে বাৰে ব্ৰিটিছলৈ ক্ষমাপত্ৰ লিখিছিল, কিন্তু সত্যটো এয়াই যে ক্ষমাপত্ৰ তেওঁ নিজক ক্ষমা কৰি দিবৰ বাবে লিখা নাছিল, তেওঁক মহাত্মা গান্ধীয়ে ক্ষমাপত্ৰ দিবলৈ কৈছিল। মহাত্মা গান্ধীয়ে কোৱাৰ পিছতে তেওঁ ক্ষমাপত্ৰ লিখিছিল।’