তিৰুৱানন্তপুৰমঃ দাক্ষিণাত্যৰ কেৰালাত অব্যাহত আছে ধাৰাসাৰ বৰষুণ। বান আৰু ভূমিস্খলনৰ ফলত এই পৰ্যন্ত অতিকমেও ২৫ জনকৈ লোক নিহত হোৱাৰ লগতে সন্ধানহীন হৈ আছে বহুজন। ৰাজ্য চৰকাৰৰ সূত্ৰই শেহতীয়াকৈ জনোৱা মতে কোট্টায়াম জিলাত সৰ্বাধিক ১৩ জন, ইডুকি জিলাত ৯ জন আৰু অলাপুৰা জিলাত ৪ জন লোকৰ মৃত্যু ঘটিছে। কুট্টিকল আৰু মুণ্ডাকায়াম অঞ্চলত সেনাবাহিনী মোতায়েন কৰা হৈছে। বান প্ৰভাৱিত প্ৰায়বোৰ অঞ্চলতে ৰেড এলাৰ্ট জাৰি কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে ৰাজ্যখনৰ দুৰ্যোশ প্ৰশমন বিভাগে।

বৰষুণৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে কেৰালাৰ মধ্য আৰু দক্ষিণ প্ৰান্তৰ অঞ্চলসমূহ। ৰাজ্যখনৰ কোট্টায়াম জিলাত দেওবাৰে ভূমিস্খলনৰ পিছত ৩টা মৃতদেহ উদ্ধাৰ কৰিছে। নেৰানেপেৰা বৰষুণৰ পিছত শনিবাৰে কোট্টায়াম জিলাত ৬ জন আৰু ইডুক্কি জিলাত ২ জনৰ মৃত্যুৰ খবৰ পোৱা গৈছিল। এই সময়ছোৱাত ৭ গৰাকী মহিলা, ৮ গৰাকী শিশুসহ মুঠ ৩৩ জন লোকক উদ্ধাৰ কৰা হৈছে।

এনডিআৰএফ বাহিনীৰ উদ্ধাৰকাৰী দলে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত তীব্ৰতৰ কৰি তুলিছে উদ্ধাৰ অভিযান। সেনাৰ সূত্ৰই সংবাদ মাধ্যমক জনোৱা মতে ইঞ্জীনিয়াৰিং আৰু মেডিকেল ইউনিটৰ লগতে কন্নুৰৰ পৰা অতিৰিক্ত সেনা বাহিনীৰ জোৱান উদ্ধাৰ অভিযানৰ বাবে ৱায়নাডত উপস্থিত হৈছে। বাংগালুৰুৰ পৰা ইঞ্জীনিয়াৰিং টাস্ক ফৰ্চৰ দলো ৱায়নাডত আহি উপস্থিত হোৱাৰ কথা। সেনা বাহিনীয়ে হেলিকপ্টাৰৰ জৰিয়তে বানাক্ৰান্ত লোকসকলৰ মাজত খাদ্য-সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিছে। প্ৰয়োজনত কামত লগাব পৰাকৈ বায়ুসেনাই সাজু কৰি ৰাখিছে কেবাখনো হেলিকপ্টাৰ।

কেৰালাৰ দুৰ্যোশ প্ৰশমন বিভাগে কোট্টায়াম, ইডুক্কি আৰু পঠানমথিট্টাৰ দৰে পাহাৰীয়া অঞ্চলসমূহত ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছত সমতল অঞ্চলতো বানে ভয়াৱহ ৰূপ লোৱাৰ আংশকা প্ৰকাশ কৰিছে। বৰ্তমানো বিপদসীমাৰ ওপৰৰে বৈ আছে মীনাচল আৰু মণিমালা নৈ। বাঢ়নী পানীৰ ফলত গৃহহাৰা হৈ পৰিছে বহু লোক। কেবাখনো জিলাত থকা নদীবান্ধতো পৰিস্থিতিয়ে যিকোনো সময়তে জটিল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। 

কেৰালাৰ মুখ্যমন্ত্ৰী পিনৰাই বিজয়নে বান প্ৰভাৱিত অঞ্চলসমূহত ক’ভিড প্ৰট’কলৰ মাজেৰে উদ্ধাৰ আৰু সাহায্য প্ৰদান অভিযান ক্ষিপ্ৰতৰ কৰি তুলিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ প্ৰদান কৰিছে। ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত ৰাজ্যখনত অত্যাধিক বৃষ্টিপাত হ’ব বুলি আগজাননী প্ৰকাশ কৰাত উদ্বিগ্ন হৈ পৰিছে ৰাজ্যবাসী। সম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰৰ তৰফৰ পৰা প্ৰয়োজনী যিকোনো সহায় প্ৰদান কৰা হ’ব বুলি টুইটযোগে কেৰালা চৰকাৰক আশ্বাস প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

'কেৰালাত হোৱা নেৰানেপেৰা বৰষুণ আৰু বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ প্ৰতি আমি লক্ষ্য ৰাখিছো। কেন্দ্ৰ চৰকাৰে সম্ভৱপৰ সকলোখিনি সহায় কৰিবলৈ সদা সষ্টম হৈ আছে। ইতিমধ্যে উদ্ধাৰ অভিযানৰ বাবে এনডিআৰএফৰ দল প্ৰেৰণ কৰা হৈছে। কেৰালাবাসীক বিপদমুক্ত কৰিবলৈ প্ৰাৰ্থনা জনাইছো।’-টুইটটোত এইদৰে লিখিছে অমিত শ্বাহে।

দাক্ষিণাত্যৰ বাকী ৰাজ্যসমূহৰ পৰিৱেশ কেনে?

কেৰালাৰ চুবুৰীয়া ৰাজ্যসমূহতো অহা ২৪-৪৮ ঘণ্টাৰ ভিতৰত ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। বান আৰু ভূমিস্খলনে তামিলনাডুৰো বহু অঞ্চলত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ খবৰ পোৱা গৈছে। কন্যাকুমাৰীৰ দাঁতিকাষৰীয়া কুলশেখৰমত নেৰানেপেৰা বৰষুণৰ ফলত নিজৰাসমূহত জলস্তৰ বৃদ্ধি পোৱাত স্থানীয় বাসিন্দাসকলক স্থানান্তৰ কৰিবলৈ বাধ্য হৈ পৰিছে প্ৰশাসন।

অন্ধ্ৰপ্ৰদেশৰো কেবাখনো চহৰ ধাৰাসাৰ বৰষুণৰ ফলত সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। শ্ৰীকাকুলমৰ লগতে তীৰ্থনগৰী তিৰুপতিতো জটিল ৰূপ ধাৰণ কৰিছে বানে। ছিট্টোৰত ৰাজপথসমূহো সম্পূৰ্ণৰূপে পানীত বুৰ যোৱা দেখা গৈছে। এনেদৰে কেৰালাৰ লগতে দাক্ষিণাত্যৰ কেবাখনো ৰাজ্যত এতিয়া নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বান আৰু ভূমিস্খলনে ধাৰণ কৰিছে ভয়াৱহ ৰূপ।