Printer-friendly version

বিশেষ প্ৰতিবেদনঃ মহাত্মা গান্ধীৰ পৰামৰ্শমতে আন্দামানৰ কলীয়াপানীত থকা সময়ত ভাৰতৰ তেতিয়াৰ ব্ৰিটিছ শাসকলৈ ক্ষমাপত্ৰ লিখিছিল বিনায়ক দামোদৰ ছাভাৰকাৰে। যোৱা ১২ অক্টোবৰত এই মন্তব্য কৰিছিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। 

'বীৰ ছাভাৰকাৰঃ দ্য মেন হু কুড হেভ প্ৰিভেণ্টেড পাৰ্টিশ্যন’ শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত ৰাজনাথ সিঙে কৈছিল, 'ছাভাৰকাৰৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই অহা হৈছে। এনেকৈ কৈ অহা হৈছে যে ছাভাৰকাৰে বাৰে বাৰে ব্ৰিটিছলৈ ক্ষমাপত্ৰ লিখিছিল, কিন্তু সত্যটো এয়াই যে ক্ষমাপত্ৰ তেওঁ নিজক ক্ষমা কৰি দিবৰ বাবে লিখা নাছিল, তেওঁক মহাত্মা গান্ধীয়ে ক্ষমাপত্ৰ দিবলৈ কৈছিল। মহাত্মা গান্ধীয়ে কোৱাৰ পিছতে তেওঁ ক্ষমাপত্ৰ লিখিছিল।’ 

ৰাজনাথ সিঙে কৰা এই মন্তব্যৰ পিছতে সমগ্ৰ দেশতে এক নতুন বিতৰ্কৰ সূত্ৰপাত ঘটে। একাংশ লোকে ৰাজনাথ সিঙৰ মন্তব্যক সমালোচনা কৰি এনেধৰণৰ কাৰ্যৰ জৰিয়তে বিজেপি-আৰএছএছে দেশৰ ইতিহাস সলনি কৰিবলৈ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে। আন একাংশই আকৌ ৰাজনাথ সিঙৰ মন্তব্যৰ যুক্তিযুক্ততা থকা বুলিও দাবী কৰা পৰিলক্ষিত হৈছে। ইতিহাসবিদসকলেও বিভিন্ন তথ্য-প্ৰমাণৰ আধাৰত ৰাজনাথ সিঙৰ উক্ত মন্তব্যৰ সত্যাসত্যক লৈ প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে।

নতুন কিতাপখনত এই সন্দৰ্ভত কোনো তথ্য নাই

'বীৰ ছাভাৰকাৰঃ দ্য মেন হু কুড হেভ প্ৰিভেণ্টেড পাৰ্টিশ্যন’ ('বীৰ ছাভাৰকাৰঃ বিভাজন ৰোধ কৰিব পৰা ব্যক্তিগৰাকী’) শীৰ্ষক গ্ৰন্থখন ৰচনা কৰিছে উদয় মাহুৰকাৰ আৰু ছিৰায়ু পণ্ডিতে। সাংবাদিকতাৰ সৈতে জড়িত মাহুৰকাৰে বৰ্তমান ভাৰত চৰকাৰৰ তথ্য আয়ুক্ত পদত কাৰ্যনিৰ্বাহ কৰি আছে।

মহাত্মা গান্ধীৰ পৰামৰ্শমতে ছাভাৰকাৰে ব্ৰিটিছলৈ ক্ষমাপত্ৰ লিখিছিল বুলি কিতাপখনত উল্লেখ আছে নে নাই সেই সন্দৰ্ভত বিবিচিৰ লগতে কেবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত মাহুৰকাৰে স্পষ্টকৈ কৈছে যে তেওঁলোকৰ নতুন কিতাপখনত এই সন্দৰ্ভত কোনো তথ্যৰ উল্লেখ নাই।

'মই এইবুলি দাবী নকৰো যে মই ছাভাৰকাৰক সম্পূৰ্ণৰূপে অধ্যয়ন কৰিছো। ছাভাৰকাৰৰ বিষয়ে জানিবলগীয়া আৰু বহু তথ্য আছে যিবোৰ এতিয়াও মানুহে জানিব পৰা নাই। ছাভাৰকাৰ সন্দৰ্ভত মোৰ অধ্যয়ন এতিয়াও সম্পূৰ্ণ হোৱা নাই। মই অনাগত দিনত হয়তো আৰু এখন কিতাপ লিখি উলিয়াম। এইখন কিতাপত ৰাজনাথ সিঙে উল্লেখ কৰা প্ৰসংগ উত্থাপন কৰিব পাৰো। কিন্তু এতিয়া মই আকৌ ক’ব খোজো যে মই ছাভাৰকাৰৰ বিষয়ে সকলো জানিবলৈ সমৰ্থ হোৱা নাই।’-ৰাজনাথ সিঙে কৰা দাবী সন্দৰ্ভত এইদৰে কয় কিতাপখনৰ এগৰাকী লেখক মাহুৰকাৰে।

বিবিচিৰ সাংবাদিক ৰাঘৱেন্দ্ৰ ৰাওক এই সন্দৰ্ভত তেওঁ আৰু কয়, 'ৰাজনাথ সিঙে কোৱা কথাটো সত্য। ছাভাৰকাৰৰ ভাতৃ বাবা ৰাও ছাভাৰকাৰ গান্ধীজীৰ ওচৰলৈ গৈছিল। গান্ধীজীয়ে তেওঁক পৰামৰ্শ দিছিল। কিতাপখনৰ নতুন সংস্কৰণত এই বিষয়ে আমি উল্লেখ কৰিম। গান্ধীজীক লগ কৰিবলৈ বাবা ৰাও ছাভাৰকাৰৰ সৈতে আৰএছএছৰো কেইজনমান লোক গৈছিল। এই কথা বাবা ৰাওৰ লেখনিত পোৱা গৈছে।’

ছাভাৰকাৰে বিভাজন ৰোধ কৰিব পাৰিলেহেতেননে?

কিতাপখনৰ নামটো মন কৰিবলগীয়া। 'বীৰ ছাভাৰকাৰঃ দ্য মেন হু কুড হেভ প্ৰিভেণ্টেড পাৰ্টিশ্যন’ অৰ্থাৎ 'বীৰ ছাভাৰকাৰঃ বিভাজন ৰোধ কৰিব পৰা ব্যক্তিগৰাকী’। কিন্তু বাস্তৱলৈ চালে দেখা যায় যে দ্বিৰাষ্ট্ৰবাদৰ ধাৰণাটোৰ কথা প্ৰথমে উত্থাপন কৰা ব্যক্তিসকলৰ ভিতৰত অন্যতম আছিল ছাভাৰকাৰ। 

মুছলিম লীগে ১৯৪০ চনত প্ৰথমবাৰৰ বাবে লাহোৰ অধিৱেশনত মুছলমানসকলৰ বাবে এখন পৃথক দেশৰ প্ৰয়োজনীয়তাৰ কথা কৈছিল। কিন্তু ইয়াৰ আগৰে পৰা ছাভাৰকাৰে এই বিষয়টো সন্দৰ্ভত আলোচনা কৰি আহিছিল। মুছলিম লীগৰ লাহোৰ অধিৱেশনৰ ৩ বছৰ পূৰ্বে ১৯৩৭ চনত আহমেদাবাদত ছাভাৰকাৰে স্পষ্টকৈ কৈছিল যে হিন্দু আৰু মুছলমান হৈছে দুখন সুকীয়া সুকীয়া ৰাষ্ট্ৰ সদৃশ আৰু এই ভূমিত দুয়োটা ধৰ্মৰ লোকৰ অধিকাৰ সমান নহয়।

ইয়াৰো আগতে ছাভাৰকাৰে তেওঁৰ গ্ৰন্থ 'হিন্দুত্বঃ হু ইজ এ হিন্দু’ত স্পষ্টকৈ লিখিছে যে ৰাষ্ট্ৰৰ আধাৰ হৈছে ধৰ্ম। কিতাপখনত তেওঁ ভাৰতক হিন্দুস্থান বুলি উল্লেখ কৰিছে। তেওঁ কিতাপখনত লিখিছে, 'হিন্দুস্থানৰ অৰ্থ হৈছে হিন্দুৰ ভূমি। হিন্দুত্বৰ বাবে ভৌগোলিক একতা অতি প্ৰয়োজনীয়। এজন হিন্দু স্বাভাৱিকতেই ইয়াৰ নাগৰিক বা নিজৰ পূৰ্বপুৰুষৰ উত্তৰাধিকাৰীসূত্ৰেই হিন্দুসকল হিন্দুস্তানৰ নাগৰিক।’

কিতাপখনত তেওঁ আৰু লিখিছে, 'আমাৰ মুছলমান বা খ্ৰীষ্টানসকল কোনো কোনো ক্ষেত্ৰত বিশেষকৈ যিসকলক বলপূৰ্বকভাৱে আন অ-হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত কৰা হৈছিল, সেইসকলৰ পিতৃভূমি এয়াই আৰু সংস্কৃতিৰ বহু দিশেই একেই। কিন্তু তৎসত্বেও সেইসকলক হিন্দু আখ্যা দিব নোৱাৰি। অৱশ্যে হিন্দুসকলৰ দৰে তেওঁলোকৰ বাবেও হিন্দুস্তান পিতৃভূমি যদিও পূণ্যভূমি নহয়। তেওঁলোকৰ পূণ্যভূমি হৈছে সুদূৰ আৰৱ। তেওঁলোকৰ ভাৱনা, ধৰ্মগুৰু, বিচাৰ আৰু নায়ক এই মাটিৰ পৰশেৰে উজ্জীৱিত নহয়।’

এনেদৰেই ছাভাৰকাৰে হিন্দু আৰু মুছলমান তথা খ্ৰীষ্টানক দেশৰ নাগৰিক হিচাপে কিদৰে এজন আনজনতকৈ পৃথক সেই কথা উল্লেখ কৰিছিল আৰু পূণ্যভূমি সুকীয়া হোৱাৰ দোহাই দি দেশৰ প্ৰতি আন ধৰ্মৰ লোকসকলৰ ভক্তিক সন্দেহৰ দৃষ্টিৰে চাইছিল। উল্লেখ্য যে দেশ বিভাজনৰ মূল কাৰকসকমূহৰ অন্যতম আছিল 
হিন্দু-মুছলমানৰ ভয়াৱহ সাম্প্ৰদায়িক সংঘৰ্ষ। হিন্দু-মুছলমানৰ মাজত একতা প্ৰতিষ্ঠাৰ জৰিয়তেহে বিভাজন ৰোধ কৰাতো সম্ভৱ হ’লহেতেন। সেয়ে দুয়োটা ধৰ্মৰ লোকসকলৰ মাজত একতা সৃষ্টিৰ প্ৰয়াস কৰি গৈছিল মহাত্মা গান্ধীয়ে। বিপৰীতে ভাষণ তথা লেখনিৰ জৰিয়তে হিন্দু-মুছলমানৰ মাজত স্পষ্টকৈ বিভেদৰ ৰেখা টানিছিল ছাভাৰকাৰে।

ছাভাৰকাৰৰ উত্তৰাধিকাৰীসকলে কি কয়?

ৰাজনাথ সিঙৰ মন্তব্যক জিভা পিছলা সদৃশ আখ্যা দিছে ছাভাৰকাৰৰ কনিষ্ঠ ভাতৃ ডাঃ নাৰায়ণ ৰাও ছাভাৰকাৰৰ পুত্ৰ তথা স্বতন্ত্ৰবীৰ ছাভাৰকাৰ ৰাষ্ট্ৰীয় স্মাৰকৰ সৈতে জড়িত ৰঞ্জিত ছাভাৰকাৰে। তেওঁ কয়, 'মোৰ এনে লাগিছে যে এয়া আচলতে জিভা পিছলি হোৱা ভুল। মহাত্মা গান্ধীয়ে নিজৰ লেখাত ক্ষমাপত্ৰৰ সমৰ্থন কৰিছিল। তেওঁ ছাভাৰকাৰৰ মুক্তিক লৈ দুটা লেখা লিখিছিল। গান্ধীজীয়ে কৈছিল যে আমাৰ মাজত আদৰ্শগত মত পাৰ্থক্য থাকিব পাৰে, কিন্তু যদিহে ছাভাৰকাৰে অহিংস আলোচনাৰ পথলৈ ঘূৰি আহিব বিচাৰিছে তেন্তে আমি তেওঁক আদৰণি জনাম। তেওঁ স্পষ্টকৈ কৈছিল যে ছাভাৰকাৰ এগৰাকী মহান দেশভক্ত আছিল আৰু আন্দামানত থাকিয়েই মাতৃভূমিৰ প্ৰতি থকা প্ৰেম প্ৰদৰ্শন কৰিছিল।’

ছাভাৰকাৰে ক্ষমাপত্ৰ কেৱল নিজৰ বাবেই নহয় বৰং সকলো ৰাজনৈতিক বন্দীৰ বাবেই লিখিছিল বুলিও দাবী কৰে ৰঞ্জিত ছাভাৰকাৰে। সেই সময়ৰ গৃহমন্ত্ৰী ৰেজিনাল্ড ক্ৰেডাকৰ কথাও উল্লেখ কৰে ৰঞ্জিতে। ক্ৰেডাকে ছাভাৰকাৰৰ ক্ষমাপত্ৰ সন্দৰ্ভত এক লেখাত উল্লেখ কৰিছিল, 'এয়া কেৱল ক্ষমা বিচাৰি লিখা পত্ৰহে। তাত কোনো দুখ বা অনুশোচনাৰ লেখমানো নাই।’ ৰঞ্জিতে আৰু কয়, 'ছাভাৰকাৰে যি কৰিছিল তাৰ প্ৰতি গান্ধীজীৰ সমৰ্থন আছিল আৰু ছাভাৰকাৰক গান্ধীজীয়ে স্বীকৃতিও দিছিল। মোৰ বোধেৰে ৰাজনাথ সিঙে এই কথাটোহে ক’ব বিচাৰিছিল। কিন্তু হয়তো জিভা পিছলি গ’ল।’

ইতিহাসৰ বিকৃতকৰণ?

বিতৰ্কিত মন্তব্য সন্দৰ্ভত গান্ধী শান্তি প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা গান্ধীজীৰ জীৱন-দৰ্শন অধ্যয়ন কৰা কুমাৰ প্ৰশান্তে কৈছে, 'এয়া আগতে দেখাও নাছিলো শুনাও নাছিলো, কিয়নো এনেকুৱা হোৱাও নাছিল আৰু কেতিয়াও ক’তো ইয়াৰ বিষয়ে উল্লেখো নাছিল।’

'একাংশ লোকে ইতিহাসৰ নতুন নতুন পৃষ্ঠা লিখাত একেবাৰে সিদ্ধহস্ত। মই প্ৰায়েই কৈ আহিছো যে যিসকল লোকৰ নিজৰ কোনো ইতিহাস নাথাকে, সেইসকল লোকে সদায় আনৰ ইতিহাস নিজৰ হাতৰ মুঠিলৈ নিয়াৰ চেষ্টা কৰে। ৰাজনাথ ডাঙৰীয়াই গোটেই বিষয়টোৱেও টুলুঙা কৰি পেলালে।’-গান্ধীজীৰ ছাভাৰকাৰৰ ক্ষমাপত্ৰৰ সৈতে কোনো সম্পৰ্ক নাছিল বুলি উল্লেখ কৰি এইদৰে কয় প্ৰশান্তে। 

তেওঁ আৰু কয়, 'যদিহে ক্ষমাপত্ৰৰ দৰে কোনো কথা গান্ধীজীৰ জীৱনত থাকিলেহেতেন তেন্তে তেওঁ নিজেই সেয়া কৰিলেহেতেন। তেওঁ নিজেও কেতিয়াও ক্ষমাপত্ৰ লিখা নাছিল আৰু আন কোনো সত্যাগ্ৰহীকো ক্ষমাপত্ৰ লিখিবলৈ প্ৰৰোচিত কৰা নাছিল। গতিকে এনে কথাৰ কোনো সত্যতা আৰু ভিত্তি নাই। এয়া তেনেই টুলুঙা মন্তব্য। কিন্তু বৰ্তমান এনে যুগেই চলি আছে য’ত কেৱল সকলোৱে এইধৰণৰ টুলুঙা কথাকেই কৈ ফুৰে।’

গান্ধী হত্যাৰ দাগ ধোৱাৰ চেষ্টা!

ক্ষমাপত্ৰৰ লগতে ছাভাৰকাৰ আন এক ঘটনাৰ সৈতে জড়িত বুলিও চৰ্চা চলি আহিছে। সেয়া হৈছে গান্ধী হত্যা। 'দ্য আৰএছএছঃ আইকন্স অব দ্য ইণ্ডিয়ান ৰায়ট’ শীৰ্ষক গ্ৰন্থখনৰ লেখক তথা দেশৰ আগশাৰীৰ সাংবাদিক নীলাঞ্জন মুখপাধ্যায়ে এই বিতৰ্ক সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা দেখা গৈছে। শেহতীয়া ছাভাৰকাৰ বিতৰ্কক ছাভাৰকৰৰ গাত লগা গান্ধী হত্যাৰ দাগ ধুবলৈ একাংশই কৰা চেষ্টা আখ্যা দিছে নীলাঞ্জনে।

তেওঁ কৈছে, 'গান্ধী হত্যাৰ ঘটনাৰ সৈতে ছাভাৰকাৰৰ নামো জড়িত হৈ আছে। সেই গোচৰত ছাভাৰকাৰক মুকলি কৰি দিয়া হৈছিল। কিন্তু তাৰ পিছত গঠন কৰি দিয়া কাপুৰ আয়োগৰ প্ৰতিবেদনত ছাভাৰকাৰক সম্পূৰ্ণৰূপে দোষমুক্ত আখ্যা দিয়া হোৱা নাই আৰু গান্ধী হত্যাকাণ্ডত ছাভাৰকাৰো জড়িত থকাৰ সন্দেহ বিশ্লেষণসহ ব্যক্ত কৰা হৈছে। এয়া হৈছে ছাভাৰকাৰৰ ওপৰত থকা ঐতিহাসিক দাগ আৰু সেই দাগ ধুবলৈ এতিয়াৰে চৰকাৰে এনেকৈ চেষ্টা চলাইছে।’

১৯৪৮ চনৰ ৩০ জানুৱাৰীত মহাত্মা গান্ধীক হত্যা কৰাৰ ৬ দিন পিছত গান্ধী হত্যাৰ ষড়যন্ত্ৰত জড়িত থকাৰ সন্দেহত মুম্বাইৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল বিনায়ক দামোদৰ ছাভাৰকাৰক। ইয়াৰ এবছৰ পিছত ১৯৪৯ চনৰ ফেব্ৰুৱাৰীত ছাভাৰকাৰক মুকলি কৰি দিয়া হৈছিল।

'আমি এতিয়া ইতিহাসৰ মিথ্যাকৰণৰ যুগত জীয়াই আছো। প্ৰতিদিনে এটা মিছা কথাক বাৰে বাৰে কৈ থাকি সত্য সজাবলৈ উঠি-পৰি লাগিছে একাংশ। ৰাজনাথ সিঙে কৈছে যে ছাভাৰকাৰে ব্ৰিটিছলৈ বুলি গান্ধীজীৰ কথা মতে ক্ষমাপত্ৰ লিখিছিল। কাইলৈ কোনো নেতাই এনেকৈ ক’লেও আচৰিত হ’বলগীয়া নহ’ব যে গডছেই গান্ধীজীয়ে কোৱা বাবেই হাতত বন্দুক তুলি লৈছিল আৰু হত্যা কৰিছিল।’-ব্ৰেকিং নিউজ হ’বলৈ দি ইতিহাসৰ চৰ্চা কৰিবলৈ গ’লে সেয়া কোনোপধ্যেই ইতিহাস হৈ নাথাকে বুলি উল্লেখ কৰি এইদৰে কয় নীলাঞ্জনে।  

হিন্দুত্ব শব্দ কোনে প্ৰচলন কৰিছিল?

ইতিহাসবিদসকলৰ মতে ছাভাৰকাৰৰ ৰাজনৈতিক জীৱনক দুটা ভাগত ভাগ কৰিব পাৰি। ইয়াৰে এটা ভাগ হৈছে বিংশ শতিকাৰ প্ৰথমটো দশক। সেইসময়ত ছাভাৰকাৰ আছিল এজন যুৱ ৰাষ্ট্ৰবাদী। তেওঁ বিলাতলৈ গৈছিল আৰু উভতি আহি স্বাধীনতা আন্দোলনত ভাগ লৈছিল। স্বাধীনতা আন্দোলনত ভাগ লোৱাৰ অভিযোগত তেওঁক কলীয়াপানীৰ শাস্তি বিহিছিল ব্ৰিটিছে।

সেই সময়তে ছাভাৰকাৰে ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহক লৈ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ লিখিছিল। উক্ত গ্ৰন্থখনত ছাভাৰকাৰে কৈছে যে হিন্দু-মুছলমানৰ একতাৰ বাবেই ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহত ব্ৰিটিছসকল শংকিত হৈ পৰিছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহক ছাভাৰকাৰে গ্ৰন্থখনত ভাৰতৰ হিন্দু-মুছলমানৰ একতাৰ অদ্বিতীয় উদাহৰণ আখ্যা দিছে।

ছাভাৰকাৰৰ জীৱনৰ দ্বিতীয়টো ভাগ আৰম্ভ হয় আন্দামানৰ চেলুলাৰ জেলত কটোৱা সময়ৰ পৰা। ইতিহাসবিদসকলৰ মতে কলীয়াপানীত থকা সময়ত ছাভাৰকাৰৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন ঘটে আৰু ব্ৰিটিছলৈ বুলি ক্ষমাপত্ৰ লিখিবলৈ লয়। ক্ষমাপত্ৰ লিখাৰ পিছত ছাভাৰকাৰক কলীয়াপানীৰ পৰা মুকলি কৰি দিলেও নাগপুৰ আৰু পুণেৰ জেলত বন্দী কৰি ৰখা হয়। সেইসময়ত ছাভাৰকাৰক মুকলি কৰি দিবলৈ কেবাগৰাকী ৰাষ্ট্ৰবাদী নেতাই দাবী জনাইছিল বুলিও ইতিহাসবিদসকলে উল্লেখ কৰিছে। 

চেলুলাৰ জেলত থকা সময়তে ছাভাৰকাৰে লিখিছিল এটি বিশেষ লেখা। পৰৱৰ্তী সময়ত ছাভাৰকাৰৰ উক্ত লেখাটোৰ হাতে লিখা কপিও উদ্ধাৰ হৈছে। এই লেখাটো আছিল হিন্দুত্বক লৈ। লেখাটোৰ শিৰোনাম আছিল, 'হিন্দুত্বঃ আমি কোন?’ এই সন্দৰ্ভত 'দ্য আৰএছএছঃ আইকন্স অব দ্য ইণ্ডিয়ান ৰায়ট’ শীৰ্ষক গ্ৰন্থখনৰ লেখক তথা দেশৰ আগশাৰীৰ সাংবাদিক নীলাঞ্জন মুখপাধ্যায়ে কৈছে, 'এই লেখাটোৰ পৰা অনুপ্ৰাণিত হৈয়েই কেশৱ বলিৰাম হেডগেৱাৰে আৰএছএছ গঠন কৰিছিল। হিন্দু ৰাষ্ট্ৰৰ ধাৰণাটো ছাভাৰকাৰতকৈয়ো আগৰে পৰা চলি আহিছিল। কিন্তু ছাভাৰকাৰেই হৈছে প্ৰথমগৰাকী ব্যক্তি যিয়ে লিখিতভাৱে হিন্দুত্ব শব্দটোক নতুন মাত্ৰা দিছিল। ছাভাৰকাৰৰ সেই বিশেষ লেখাটোৱেই আছিল হেডগেৱাৰৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ গঠনৰ মূল।’

ইতিহাসবিদ নীলাঞ্জনৰ মতে ছাভাৰকাৰ নেতা হিচাপে দক্ষ নাছিল বাবেই কোনোদিনেই আৰএছএছৰ সৈতে চামিল হোৱা নাছিল। '১৯৬৬ চনত মৃত্যুলৈকে ছাভাৰকাৰৰ আৰএছএছৰ সৈতে সম্পৰ্ক মধুৰ নাছিল। ছাভাৰকাৰে হিন্দু মহাসভাকহে গুৰুত্ব দিছিল আৰু আৰএছএছক গুৰুত্বপূৰ্ণ সংগঠন জ্ঞান কৰা নাছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছসকলৰ নীতিৰ মুকলি সমৰ্থন কৰিছিল ছাভাৰকাৰে। হিন্দুসকলে নিজকে শক্তিশালী কৰিবৰ বাবে ব্ৰিটিছ সেনাত ভৰ্তি হোৱা উচিত বুলিও মন্তব্য কৰিছিল ছাভাৰকাৰে।’-ছাভাৰকাৰ কোনোদিনেই আৰএছএছৰ সদস্য নহ’লেও আৰএছএছে আদৰ্শগত কাৰণত ছাভাৰকাৰক সন্মান কৰি আহিছে বুলি উল্লেখ কৰি এইদৰে কয় ইতিহাসবিদ নীলাঞ্জন মুখোপাধ্যয়ে।

উল্লেখ্য যে, ২০০০ চনত বাজপেয়ী চৰকাৰে তেতিয়াৰ ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনলৈ ছাভাৰকাৰক ভাৰতৰ সৰ্বোচ্চ নাগৰিক সন্মান 'ভাৰত ৰত্ন’ দিবলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল যদিও সেয়া মানি ল’বলৈ অস্বীকাৰ কৰিছিল ৰাষ্ট্ৰপতি নাৰায়ণনে।

ছাভাৰকাৰৰ ক্ষমাপত্ৰক লৈ অনাহক হুলস্থূল!

ইতিহাসবিদ তথা ছাভাৰকাৰৰ জীৱনীৰ লেখক বিক্ৰম সম্পতে এই বিতৰ্কৰ পিছতে টুইটযোগে নিজৰ মন্তব্য প্ৰকাশ কৰিছে। তেওঁ কৈছে যে বিষয়টোক লৈ অনাহক হুলস্থূল কৰা হৈছে কিয়নো এই সন্দৰ্ভত তেওঁ আগতেই সকলো স্পষ্ট কৰি থৈছে। তেওঁ কৈছে যে ১৯২০ চনত গান্ধীজীয়ে ছাভাৰকাৰৰ বন্ধুসকলক ক্ষমাপত্ৰ দিয়াৰ পৰামৰ্শ আগবঢ়াইছিল আৰু ইয়ং ইণ্ডিয়া আলোচনীত তেওঁৰ মুক্তিক লৈ আলোচনা কৰিছিল।

ইয়ং ইণ্ডিয়াত গান্ধীজীয়ে লিখা লেখাটোৰ শিৰোনাম আছিল 'ছাভাৰকাৰ বন্ধু’। লেখাটোত গান্ধীজীয়ে কথা প্ৰসংগত লিখিছিল, 'তেওঁলোক দুয়ো স্পষ্টকৈ কয় যে তেওঁলোকে ব্ৰিটিছৰাজৰ পৰা স্বাধীনতা নিবিচাৰে। ইয়াৰ বিপৰীতে তেওঁলোকে ভাবে যে ব্ৰিটিছৰ সহযোগত ভাৰতৰ ভৱিষ্যত সৰ্বাংগসুন্দৰ কৰি তুলিব পৰা যাব।’

দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক তথা 'ছাভাৰকাৰ-হিন্দুত্বঃ মিথক ঔৰ সচ’ গ্ৰন্থৰ লেখক চামছুল ইছলামে বিষয়টোক লৈ কৈছে, 'ছাভাৰকাৰক কলীয়াপানী দিয়া হৈছিল ১৯১১ চনত। সেই বছৰতেই তেওঁ ক্ষমাপত্ৰ লিখিছিল। তাৰ পিছত ১৯১৩, ১৯১৪, ১৯১৮ আৰু ১৯২০ত বাৰম্বাৰ ক্ষমা পত্ৰ লিখিছিল। কলীয়াপানীত বহু লোকে অবৰ্ণীয় কষ্টৰে শাস্তি ভোগ কৰিছিল। কিন্তু চাৰিজন লোকৰ বাদে কোনেও ক্ষমাপত্ৰ লিখা নাছিল। এই চাৰিজন লোক হৈছে ছাভাৰকাৰ, অৰবিন্দ ঘোষৰ ভাতৃ বাৰিন্দ্ৰ ঘোষ, ঋষিকেশ কাঞ্জিলাল আৰু গোপাল।’

তেওঁ আৰু কয়, 'ঋষিকেশ কাঞ্জিলাল আৰু গোপালে ক্ষমাপত্ৰত নিজকে ৰাজনৈতিক বন্দী বুলি দাবী কৰি তেওঁলোকৰ সৈতে সেইধৰণে ব্যৱহাৰ কৰাৰ কথা কৈছিল। কিন্তু ছাভাৰকাৰৰ ক্ষমাপত্ৰত তেনে কথাই গুৰুত্ব পোৱাৰ পৰিৱৰ্তে ব্ৰিটিছসকলৰ সহযোগত উন্নত ভাৰত গঢ়াৰ কথাহে আছিল। ছাভাৰকাৰে সকলোতকৈ লজ্জাজনক ক্ষমাপত্ৰ লিখিছিল ১৯১৩ চনৰ ১৪ নৱেম্বৰত। আনহাতে গান্ধীজী ভাৰতলৈ আহিছিল ১৯১৫ চনৰ শেষৰফালে। গতিকে এয়া বুজাত মুঠেই অসুবিধা নহয় যে গান্ধীজীয়ে কোৱাৰ বাবেই ক্ষমাপত্ৰ লিখা বুলি কৰা দাবী সম্পূৰ্ণৰূপে ভিত্তিহীন।’-হিন্দু মহাসভা আৰু আৰএছএছৰ সৈতে জড়িতসকলৰ বহুতেই ছাভাৰকাৰ সম্পৰ্কীয় বহু গ্ৰন্থ ৰচনা কৰিছে যদিও ক’তো ইয়াৰ আগতে এনে কথা নাছিল বুলি উল্লেখ কৰি এইদৰে কয় লেখক চামছুল ইছলামে।

বিক্ৰম সম্পতে উল্লেখ কৰাৰ দৰে ইয়ং ইণ্ডিয়াত গান্ধীজীয়ে ছাভাৰকাৰক ক্ষমাপত্ৰ দিয়াৰ পৰামৰ্শ সন্দৰ্ভতো মন্তব্য কৰে চামছুল ইছলামে। বিতৰ্কিত মন্তব্যৰে একাংশ লোকে গান্ধীজীক অপমান কৰিবলৈ চেষ্টা চলাই গৈছে বুলি দাবী কৰি তেওঁ কৈছে, 'ইয়ং ইণ্ডিয়াত গান্ধীজীয়ে ছাভাৰকাৰ ক্ষমাপত্ৰক লৈ কি লিখিছে সেয়া তাৎপৰ্যপূৰ্ণ। তাত গান্ধীজীয়ে স্পষ্টকৈ লিখিছে যে ছাভাৰকাৰৰ দৰে এগৰাকী ব্যক্তিয়ে ক্ষমাপত্ৰ লিখি নৈতিক শক্তি হেৰুৱাই পেলালে।’