ডিজিটেল ডেক্সঃ গণতান্ত্ৰিক দেশ এখনত নাগৰিকৰ শেষ ভৰসা হ’ল ন্যায়ালয়। সেয়ে স্বতন্ত্ৰ ন্যায় ব্যৱস্থা সুস্থ গণতন্ত্ৰৰ বাবে অতি জৰুৰী। কিন্তু দুৰ্ভাগ্যজনকভাৱে বিগত দিনত কেন্দ্ৰীয় চৰকাৰৰ ন্যায় ব্যৱস্থাত কৰা হস্তক্ষেপে সকলোকে চিন্তিত কৰি তুলিছে। এই অপবাদৰ পৰা সাৰি যোৱা নাই স্বয়ং দেশৰ মুখ্য ন্যায়াধীশ। যোৱা জানুৱাৰীত চাৰি জ্যেষ্ঠ ন্যায়াধীশে অভূতপূৰ্ব সংবাদমেল আয়োজন কৰি আলোড়ণ সৃষ্টি কৰিছিল।
ইয়াৰ পাছতো চৰকাৰে গণতন্ত্ৰৰ বাবে নেতিবাচক এনে কাৰ্যৰ পৰা আঁতৰি অহা নাই। ফলত জ্যেষ্ঠ ন্যায়াধীশ জাষ্টি চেলামেশ্বৰে পুনৰ মাত মাতিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে। দেশৰ উচ্চ ন্যায়ালয়সমূহত ন্যায়াধীশ নিযুক্তিক ক্ষেত্ৰত চৰকাৰে কৰি অহা হস্তক্ষেপৰ সন্দৰ্ভত আলোচনাৰ বাবে উচ্চতম ন্যায়ালয়ৰ সকলো ন্যায়াধীশৰ ফুল ক’ৰ্টৰ সভা আহ্বান কৰিবলৈ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰলৈ যোৱা সপ্তাহত এক পত্ৰ প্ৰেৰণ কৰিছে।