গুৱাহাটীঃ সমগ্ৰ অসমকে কঁপাই যোৱা চিলাপথাৰ কাণ্ডত জড়িত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা। অম্বিকা ৰায় নামৰ অধিবক্তাজনে সুবোধ কাণ্ডৰ অনুসন্ধান চলাই থকা স্পেচিয়েল  ইনভেষ্টিগেশ্যন টিমৰ পৰা গোপনীয় তথ্য আহৰণ কৰাৰ উদ্দ্যেশ্যে আৰ টি আই দাখিল কৰিছিল৷ 

অধিবক্তাজনৰ এই কাৰ্যৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছে ৰায়ক৷ উল্লেখ্য যে এই অম্বিকা ৰয়ে সুবোধৰ হৈ উচ্চতম ন্যায়লয়ত ওকালতি কৰি আছে৷ 

৬ মাৰ্চৰ চিলাপথাৰ কাণ্ডৰ মূল নায়ক অভিযুক্ত সুবোধ বিশ্বাসক ২২ মাৰ্চত অসম আৰু পশ্চিমবংগ আৰক্ষীৰ যুটীয়া দলে পশ্চিমবংগৰ পশ্চিম পাৰাগণাত কৰায়ত্ত কৰিছিল৷  

সুবোধৰ হৈ ওকালতি কৰা আৰু নিখিল ভাৰত বেংগলী উদ্ধাস্তু সমন্বয় সমিতিৰ কাৰ্যকলাপত জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে ৰায়ক গ্ৰেপ্তাৰ কৰিছে৷ উল্লেখ যোগ্য যে এই সমিতিৰ সদস্যৰ দ্বাৰাই চিলাপথাৰত আছুৰ কাৰ্যালয়ৰ ওপৰত আক্ৰমণ সংঘটিত হৈছিল৷ 

তদুপৰি সমিতিৰ সৈতে ৰাষ্ট্ৰীয় স্বয়ংস্বেৱক সংঘৰ যোগসুত্ৰ আছে বুলি তথ্য প্ৰকাশ হৈছিল৷ কেৱল কাৰ্যালয়ৰ ওপৰত আক্ৰমণেই নহয়, শ্বহীদ বেদীও ভাঙি লণ্ড-ভণ্ড কৰিছিল আক্ৰমণকাৰীয়ে৷ 

বিষয়টোৰ অনুসন্ধান কৰি থকা বিশেষ অনুসন্ধানকাৰী বিষয়া পাহাৰী কোঁৱৰে ৰায় সম্পৰ্কত কয় যে ৰায় উদ্ধাস্তু সমিতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত৷ 

ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১৬০ৰ অধীনত অম্বিকা ৰয়ক অনুসন্ধানত সহযোগীতাৰ বাবে গুৱাহাটীলৈ মাতি পঠিওৱা হৈছিল যদিও তেওঁ উপস্থিত নাছিল৷ 

এনে অসহযোগীতাৰ আধাৰতে সন্দেহ ঘনিভূত হৈ অনুসন্ধানকাৰী দলটোৱে ৰায়ৰ বিষয়ে তথ্য গোটাব আৰম্ভ কৰে৷ তাৰ পিছতেই ছিআৰপিছিৰ ধাৰা ৪১-এ ৰ ৮ জুনত ৰায়ক পুনৰাই মাতি পঠিওৱা হয়৷ আইন অমান্য কৰাৰ লগতে উক্ত কাণ্ডৰ লগত জড়িত থকাৰ অপৰাধত অভিযুক্ত ৰায়ক বৰ্তমান গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে।