গুৱাহাটীঃ সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি অসম চুক্তিক উলংঘা কৰি চুবুৰীয়া ৰাষ্ট্ৰৰ ধৰ্মীয় সংখ্যালঘুক নাগৰিকত্ব প্ৰদান কৰিব খোজা কাৰ্যক মানি লোৱা নহ’ব বুলি স্পষ্ট কৰে বৃহস্পতিবাৰে৷ নাগৰিকত্ব বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ’ব বুলি আছুৱে স্পষ্ট কৰে কেন্দ্ৰীয় চৰকাৰক৷
আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টচাৰ্য, সাংসদ বিশ্বজিৎ দৈমাৰী, সভাপতি দীপাংক কুমাৰ নাথ, সম্পাদক লুৰীণজ্যোতি গগৈয়ে দিল্লীৰ সংসদ ভৱনত গৃহ মন্ত্ৰীক সাক্ষাৎ কৰে৷ আছুৱে সংসদত নাগৰিকত্ব সংশোধনী আইন গৃহিত কৰাৰ কথা কৈ তীব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ দি ১৫ দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰক৷