গুৱাহাটীঃ সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি অসম চুক্তিক উলংঘা কৰি চুবুৰীয়া ৰাষ্ট্ৰৰ ধৰ্মীয় সংখ্যালঘুক নাগৰিকত্ব প্ৰদান কৰিব খোজা কাৰ্যক মানি লোৱা নহ’ব বুলি স্পষ্ট কৰে বৃহস্পতিবাৰে৷ নাগৰিকত্ব বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ’ব বুলি আছুৱে স্পষ্ট কৰে কেন্দ্ৰীয় চৰকাৰক৷

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টচাৰ্য, সাংসদ বিশ্বজিৎ দৈমাৰী, সভাপতি দীপাংক কুমাৰ নাথ, সম্পাদক লুৰীণজ্যোতি গগৈয়ে দিল্লীৰ সংসদ ভৱনত গৃহ মন্ত্ৰীক সাক্ষাৎ কৰে৷ আছুৱে সংসদত নাগৰিকত্ব সংশোধনী আইন গৃহিত কৰাৰ কথা কৈ তীব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ দি ১৫ দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰক৷

আনহাতে আছু নেতৃত্বই মমতা বেনাৰ্জীয়ে অসমৰ এনআৰচিৰ সন্দৰ্ভত মন্তব্য কৰা বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া দায়িত্বহীন মন্তব্য বুলি কৈ উচ্চ ন্যায়ালায়ক অমান্য কৰিছে বুলি কৈ বিহিত ব্যৱস্থা লোৱাৰ দাবী জনায় আছুৱে৷ স্মৰ্তব্য যে, যোৱা ৩ জানুৱাৰীত অসমৰ এনআৰচি বিষয়ত মমতা বেনাৰ্জীয়ে পশ্চিম বংগৰ বিৰভূমৰ আহমেদপুৰত এখন ৰাজহুৱা সভাত ১ কোটি ৩০ লাখ বাঙালীক অসমৰ পৰা খেদাৰ চক্ৰান্ত কৰাৰ ষড়যন্ত্ৰ কৰা বুলি প্ৰকাশ কৰাৰ পিছতে অসমত মমতাৰ মন্তব্যক দায়িত্বহীন মন্তব্য বুলি কব খোজে একাংশ লোকে।

আনহাতে শুকুৰবাৰে যুৱ সমাজকৰ্মী বিশ্বজিৎ নাথে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ব্যৱস্থা গ্ৰহণৰ বাবে আৱেদন দাখিল কৰে৷ এন আৰ চিৰ খচৰা প্ৰকাশৰ সময়তেই প্ৰৰোচনামূলক আৰু সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি বিশ্বজিৎ নাথে উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়ধীশক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে লিখিত আৱেদন দাখিল কৰে৷ এই আৱেদন ডাক, ই-মেইল আৰু ফেক্স যোগে প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে নাথে৷

স্মৰ্তব্য যে, বিদেশী চিনাক্তকৰণৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অসমত চলি থকা NRC উন্নীতকৰণ প্ৰক্ৰিয়াক বিজেপিৰ বাংলাভাষী খেদাৰ ষড়যন্ত্ৰ বুলি মন্তব্য কৰাত মমতা বেনাৰ্জীৰ মন্তব্যই অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এজন বাংলাভাষী যদি অসমৰ পৰা খেদা হয় তেন্তে তাৰ মূল্য ভৰিব লাগিব বিজেপিয়ে৷ অসমৰ বিজেপি চৰকাৰে জুইৰ সৈতে যাতে খেলা নকৰে৷ এই খন দেশ সকলোৰে৷ শান্তি বজাই ৰখাৰ দায়িত্ব তেওঁলোকৰে৷

তেওঁলোকে যাতে ভুল নকৰে অসমৰ সীমান্তত বাংলা আছে৷ এনেদেৰ ভাষণ আগবঢ়ায় মমতা বেনাৰ্জীয়ে৷ নগাৰিক পঞ্জীৰ প্ৰথম খন খচৰা প্ৰকাশ হোৱাৰ সময়তে খচৰাত বহু বাঙালীৰ নাম নাই বুলি সন্দেহ কৰা মমতাই৷ যাৰ বাবে অসমত আতংকৰ সৃষ্টি হোৱা বুলি কয় মমতাই৷ এজন লোকে আত্মহত্যা কৰাৰ কথাও ৰাজহুৱা কৰে৷

বহু লোকে অন্য ৰাজ্যলৈ ঢাপলি মেলা বুলি কয় মমতাই৷ কেইবাটাও দল-সংগঠনে মমতাৰ বিৰুদ্ধে গোচক ৰুজু কৰাৰ লগতে অসমৰ দল-সংগঠনে একেমুখে মমতাক গৰিহণা দিয়ে৷ কংগ্ৰেছ, বিজেপি, বাঙালী যুৱ-ছাত্ৰ ফেডাৰেছন, অগপ, আছু আমছু, চিপিআইএম, গৰিয়া যুৱ-ছাত্ৰ পৰিষদ, আদি সংগঠনে মমতাৰ বক্তব্যক গৰিহণা দিয়ে৷