Image for Representation
Image for Representation

ডিজিটেল ডেস্কঃ চিগাৰেটত সুখ টান দি মাতৃৰ গালি খাই পৃথিৱীকে বিদায় জনালে এজন স্কুলীয়া ছাত্ৰই। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কৃষ্ণনগৰ নামে এখন ঠাইত।

অষ্টম শ্ৰেণীৰ এই ছাত্ৰজনে দীৰ্ঘদিন ধৰি চিগাৰেটৰ প্ৰতি আসক্ত হৈ পৰিছিল। বাৰম্বাৰ গালি-শপনি দিয়াৰ পিছতো কোনো ফল নধৰিলে। শেষত খঙতে মাকে ল’ৰাজনক চুবুৰীয়াসকলৰ সমুখতে পূৰ্ণহতীয়া চৰ শোধায় কটু কথা শুনায়। ইয়াৰ পিছতে নিজৰ কোঠালৈ গৈ এটা দেশী পিষ্টলৰে গুলী চলাই আত্মহত্যা সংঘটিত কৰে ছাত্ৰজনে।

আৰক্ষীয়ে জনোৱা মতে ছাত্ৰজনৰ নাম হৈছে লোকেন্দৰ। ১৪ বছৰীয়া ছাত্ৰজনে বিগত কিছুদিন ধৰি চিগাৰেটৰ লগতে আন মাদক দ্ৰব্যৰ প্ৰতিও ভীষণভাৱে আসক্ত হৈ পৰিছিল। নিচা এৰুৱাবলৈ মাক-দেউতাকে অশেষ চেষ্টা কৰিও বিফল হয়। অৱশ্যে অষ্টম শ্ৰেণীৰ ছাত্ৰ এজনে দেশী পিষ্টলটো ক’ত পালে সেয়া ভাবি অবাক হৈ পৰিছে আৰক্ষী। 

ইফালে সন্তানৰ এনে কাণ্ডত কান্দোনত ভাগি পৰিছে পিত-মাতৃ। 'তাক লৈ বহু আশা আছিল। সকলো শেষ কৰি দিলে। থকা দিনকেইটা তেনেকৈয়ে আমাক জ্বলাই মাৰিলে। এতিয়া মৰিও আমাক মাৰি থৈ গ’ল।’- কান্দি কান্দি চকুলো শুকাই পেলোৱা মাতৃয়ে কয়।

আনহাতে পিতৃ ৰামকিশোৰে কয়, 'নিচা কৰি কৰি সি তাৰ চিন্তা শক্তিও হেৰুৱাই পেলালে। এনেকুৱা হ’ব বুলি কেতিয়াও ভাবিব পৰা নাছিলো।’

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। সমান্তৰালভাৱে পিষ্টলটো ক’ত কেনেকৈ পালে সেই সন্দৰ্ভতো তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।