বেতবাৰীঃ শিৱসাগৰ প্ৰেছ ক্লাৱৰ উদ্যোগত আজি শিৱসাগৰত অনুষ্ঠিত হৈ যায় শিৱসাগৰ কলেজৰ অৱসৰপ্ৰাপ্ত বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট শিক্ষাবিদ-চিন্তাশীল-লেখক-সাংবাদিক প্ৰয়াত শৰৎ মহন্তৰ চতুৰ্থ সংখ্যাক স্মাৰক বক্তৃতা অনুষ্ঠান।
শিৱসাগৰ প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টা, অসম মানব অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য, শিৱসাগৰ কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট শিক্ষাবিদ-চিন্তাশীল-লেখক-সাংবাদিক শৰৎ মহন্তৰ চতুৰ্থ সংখ্যাক মৃত্যু বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি শিৱসাগৰ প্ৰেছ ক্লাৱে আজি অনুষ্ঠিত কৰা গাম্ভিয্যপূৰ্ণ অনুষ্ঠানটোত ‘জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে শিক্ষাবিদ ড০ নগেন শইকীয়াই।