75
চৰাইদেউঃ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অধীনত চৰাইদেউ, লাকুৱা, মৰাণ, বৰহাট, বৰুৱাছালি আৰু চৰাইদেউ জিলাৰ অন্তৰ্গত সমিতিসমূহৰ এখন প্ৰতিনিধিমূলক সভা সোণাৰি নগৰৰ বয়োজ্যেষ্ঠ নাগৰিক বংশী শ্যামৰ সভাপতিত্বত অনুষ্ঠিত হয়।
এই সভাত কেন্দ্ৰীয় সমিতিৰ শিক্ষা সচিব দিলীপ বুঢ়াগোহাঁইদেৱে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ লক্ষ্য, উদ্দেশ্য, সাংগঠনিক স্থিতি আৰু অসম চৰকাৰে জ্যেষ্ঠসকলৰ কল্যাণৰ বাবে ৰূপায়ণ কৰা বিভিন্ন আচঁনি সম্পৰ্কত বিস্তৃত ব্যাখ্যা দাঙি ধৰে।