গুৱাহাটীঃ অসমৰ ডেকাই ১৯৮৩ত বিদেশী বহিস্কাৰ আন্দোলন জপিয়াই পৰিছিল নিজ মাতৃভূমিৰ হকে৷ আত্ম বলিদান দিবলগীয়া হৈছিল শ-শ অসমৰ তেজাল যুৱকে৷ তেজাল যুৱকৰ তপত তেজেৰে ৰাঙলী হৈছিল অসম মাতৃভূমি৷ যিসকলৰ অকাল অথচ সকৰুণ মৃত্যুয়ে কাঢ়ি নিলে কাৰোবাৰ শিৰৰ সেন্দুৰ, কোনো মাতৃৰ বুকু খালি হৈ ৰ’ল৷
আন্দোলনত জপিয়াই পৰা বহু লোকে কেৱল ‘শ্বহীদ’ নাম হে পালে৷ যিসকলৰ নেতৃত্বত অসম আন্দোলন কৰি ৮৫৫গৰাকী তেজাল যুৱকৰ মৃত্যু হৈছিল তেওলোকৰ বিৰুদ্ধে আজি অসমীয়াই প্ৰতিবাদ কৰিব লগা হৈছে৷ যাৰ উত্তাল আহ্বানত ঘৰৰ পৰা ওলাই আহি ৰাজপথত ঢলি পৰিছিল ৮৫৫ গৰাকী লোক তেওলোক এতিয়া শাসনৰ গাদীত৷ ৰাজ্যৰ শাসনকৰ্ত্তা তেওলোক৷