Home বাণিজ্যনগাঁৱত হুণ্ডাইৰ দ্য অল নিউ ছেন্ট্ৰ’ মুকলি

নগাঁৱত হুণ্ডাইৰ দ্য অল নিউ ছেন্ট্ৰ’ মুকলি

by News Desk
76 views
A+A-
Reset

নগাঁওঃ নগাঁও চহৰৰ অগ্ৰনী গাড়ী বিক্ৰেতা আকাশ হুণ্ডায়ে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ভাৰতৰ ১ নম্বৰ ফেভাৰেট ফেমেলী কাৰ ‘দ্য অল নিউ ছেন্ট্ৰ’ গাড়ীখন৷ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, শতাধিক শুভাকাংক্ষী আৰু গ্ৰাহক ৰাইজৰ লগতে নতুন ছেন্ট্ৰ’ কাৰখনি শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতম৷ উদ্বোধনী অনুষ্ঠানত আকাশ হুণ্ডাইৰ স্বত্বাধিকাৰ দিগন্ত বৰুৱাই সকলো গ্ৰাহক আৰু শুভাকাংক্ষীক অনুষ্ঠানটোৰ প্ৰতি থকা আন্তৰিকতাৰ বাবে শলাগ লোৱাৰ লগতে এসময়ৰ অতি জনপ্ৰিয় বেণ্ড ছেন্ট্ৰ’ কাৰখনে নতুন ৰূপত গ্ৰাহক ৰাইজৰ মাজত অধিক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে৷ 

উল্লেখ্য যে, নগাঁৱৰ বজাৰত বাহনখনৰ প্ৰাৰম্ভিক মূল্য হ’ব ৩,৮৯,৯০০ টকা ৷ বাহনখনৰ আৰম্ভনী মডেলৰপৰাই এন্টিলক, ব্ৰেকিং ছিষ্টেম, এয়াৰবেগ আদি উপলব্ধ কৰোৱা হৈছে৷ বন্তি প্ৰজ্বলন আৰু কেক কাটি আজি আকাশ হুণ্ডাইত দ্য অল নিউ ছেন্ট্ৰ’ গাড়ীখন নগাঁৱৰ বজাৰত মুকলি কৰি প্ৰতিষ্ঠানটোৰ সকলো বিষয়ববীয়া তথা কৰ্মচাৰী অতি আনন্দিত বুলি মনৰ ভাব ব্যক্ত কৰে নগাঁও আকাশ হুণ্ডাইৰ মুখ্য পৰিচালক পংকজ বেজবৰুৱাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0