newsnextone.com | গুৱাহাটীঃ সততে শৈক্ষিক সমস্যা সমূহ সমাধান কৰাৰ দাবীত প্ৰতিবাদ কৰি অহা এছএফআইৰ অসম ৰাজ্যিক সমিতিয়ে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু শিক্ষানুষ্ঠানৰ সমস্যা সমূহ শীঘ্ৰে সমাধান কৰাৰ দাবীত সোমবাৰে উচ্চ শিক্ষা সঞ্চালকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷
এছএফআইৰ ৰাজ্যিক সমিতিৰ সম্পাদক নিৰংকুশ নাথ, যুটীয়া সম্পাদক প্ৰতুল বৰ্মন, সংগীতা দাস আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ সদস্য কল্যান বুঢ়াগোহাঁইৰ নেতৃত্বত এটা দলে যুটীয়া সঞ্চালক অজন্তা কাকতি গগৈক সাক্ষাৎ কৰি উচ্চ শিক্ষাৰ বিভিন্ন সমস্যা শীঘ্ৰে সমাধান কৰাৰ দাবী জনায়৷ আলোচনাৰ অন্তত ছাত্ৰ সংগঠনটোৰ দলটোৱে এখন স্মাৰক যোগাে অসমৰ উচ্চ শিক্ষা গ্ৰহণ কৰি অহা ছাত্ৰ-ছাত্ৰী, শিক্ষক, শিক্ষানুষ্ঠানৰ সমস্যা সমূহ দাঙি ধৰে৷