গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ পূৰ্বে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিব খোজা কাৰ্য্যক আদৰণি জনাইছে অসম ৰাজ্যিক এছ এফ আইয়ে৷ আজি এক বিবৃতি যোগে ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ অসম ৰাজ্যিক সমিতিৰ নেতা প্ৰতুল বৰ্মনে বিশ্ববিদ্যালয়ত নতুন শিক্ষাবৰ্ষৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিব খোজা কাৰ্য্যক আদৰণি জনায়৷ এই সিদ্ধান্তই বৃহত্তৰ ছাত্ৰ সমাজক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে সংগঠনটোৱে।
অৱেশ্য প্ৰৱেশ পৰীক্ষাৰ ব্যৱস্থাৱলী উন্নত কৰিব লাগিব বুলি কয় সংগঠনটোৰ নেতা প্ৰতুলে। এই ক্ষেত্ৰত দেশৰ অনান্য বিশ্ববিদ্যালয়ৰ লগতে দিল্লী বিশ্ববিদ্যালয়ৰ আৰ্হি অনুসৰণ কৰিব পাৰি ছাত্ৰ নেতাজনে বুলি কয়৷