বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা, এছ এফ আইৰ আদৰণি 

গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ পূৰ্বে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিব খোজা কাৰ্য্যক আদৰণি জনাইছে অসম ৰাজ্যিক এছ এফ আইয়ে৷ আজি এক বিবৃতি যোগে ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ অসম ৰাজ্যিক সমিতিৰ নেতা প্ৰতুল বৰ্মনে বিশ্ববিদ্যালয়ত নতুন শিক্ষাবৰ্ষৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিব খোজা কাৰ্য্যক আদৰণি জনায়৷ এই সিদ্ধান্তই বৃহত্তৰ ছাত্ৰ সমাজক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে সংগঠনটোৱে।

অৱেশ্য প্ৰৱেশ পৰীক্ষাৰ ব্যৱস্থাৱলী উন্নত কৰিব লাগিব বুলি কয় সংগঠনটোৰ নেতা প্ৰতুলে। এই ক্ষেত্ৰত দেশৰ অনান্য বিশ্ববিদ্যালয়ৰ লগতে দিল্লী বিশ্ববিদ্যালয়ৰ আৰ্হি অনুসৰণ কৰিব পাৰি ছাত্ৰ নেতাজনে বুলি কয়৷ 

আনহাতে সংগঠনটোৱে নামভৰ্তিৰ আবেদন পত্ৰৰ সৈতে মাৰ্কশ্বীট দিয়াৰ ব্যৱস্থা প্ৰণয়ন কৰাৰ ফলত বহু ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ সুযোগৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে বুলি অভিযোগ উত্থাপন কৰে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰে অনান্য শিক্ষানুষ্ঠানৰ স্নাতক পৰ্যায়ৰ পৰীক্ষাৰ ফলাফল এতিয়াও ঘোষণা কৰা নাই৷ তদুপৰি নামভৰ্তিৰ সময়ত পি আৰ চি দিয়াৰ ব্যৱস্থা কৰিছে যদিও ততাতৈয়াকৈ কৰাৰ ফলত বহু ছাত্ৰ-ছাত্ৰী অসুবিধাৰ সন্মুখীন হৈছে। 

প্ৰৱেশ পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ সময়ত পি আৰ চি দিব লগা সিদ্ধান্ত বাতিল কৰাৰ উপৰি যিবোৰ বিশ্ববিদ্যালয়ে স্নাতক পৰ্যায়ৰ ফলাফলৰ মাৰ্কশ্বীট দিয়া নাই, সেইবোৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰ-পত্ৰ পূৰণৰ অন্তিম সময়সীমা বৃদ্ধি কৰা আৰু স্নাতকোত্তৰৰ সকলো বিভাগতে আসন বৃদ্ধি কৰাৰো দাবী জনায় সংগঠনটোৱে।

এনেধৰণৰ কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সংগঠনটোৰ ৰাজ্যিক সভাপতি কাশ্যপ চৌধুৰীৰ নেতৃত্বত যোৱা এটা সঁজাতি দলে প্ৰদান কৰে। সঁজাতি দলটোক বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব হেমন্ত কুমাৰ নাথে  প্ৰৱেশ পত্ৰ পূৰণৰ সময়ত পি আৰ চিৰ প্ৰয়োজন নাই বুলি জানিবলৈ দিয়ে।

যিসকল ছাত্ৰ ছাত্ৰীৰ অনুসুচিত জাতি আৰু জনজাতিৰ প্ৰমাণ পত্ৰ আছে সেই প্ৰমাণ পত্ৰ দিলেই হ'ব বুলিও শ্ৰেণীসমূহৰ সচিব হেমন্ত কুমাৰ নাথে জনায়। একেদৰে যিসমূহ বিশ্ববিদ্যালয়ে এতিয়ালৈ স্নাতক পৰ্যায়ৰ ফলাফলৰ মাৰ্কশ্বীট পোৱা নাই তেনে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰ-পত্ৰ পূৰণৰ অন্তিম সময়সীমা বৃদ্ধি কৰাৰ লগতে শ্ৰেণীসমূহৰ সচিব নাথে প্ৰতিটো বিভাগতে আসন বৃদ্ধি কৰাৰো উপযুক্ত ব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰা বুলিও ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ অসম ৰাজ্যিক সমিটিয়ে বিবৃতিযোগে সদৰী কৰিছে।