newsnextone.com | গুৱাহাটীঃ দেওবাৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৰাজ্যজুৰি অনুষ্ঠিত কৰা কেইবাটাও পদৰ পৰীক্ষাত ব্যাপক হাৰত প্ৰশ্নকাকত হোৱাটছএপ যোগে ফাদিল হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল৷ অভিযোগ উত্থাপন হোৱাৰ পিছতে একাংশ দল সংগঠনে পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছিল৷
অভিযোগ মতে পৰীক্ষা আৰম্ভ হোৱাৰ এঘণ্টা মান পিছৰে পৰা প্ৰশ্নকাকত হোৱাটছএপ যোগে পৰীক্ষা কেন্দ্ৰৰ বাহিৰ হ’বলৈ ধৰে। এইখিনিতে সচেতন যুৱচামে ছ’চিয়েল মিডিয়াযোগে স্বচ্ছ আৰু দক্ষ ব্যৱস্থাৰ কথা কৈ অহা আৰু যোগ্যজনক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি অহা অসম চৰকাৰৰ পৰীক্ষা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন তুলে৷