কৰাচীঃ আন্তৰ্জাতিক ক্ৰিকেটৰপৰা অৱসৰ ঘোষণা কৰিলে পাকিস্তানৰ অল-ৰাউণ্ডাৰ শ্বাহিদ আফ্ৰিদীয়ে। দেওবাৰে এই কিংবদন্তি অলৰাউণ্ডাৰজনে অৱসৰ ঘোষণা কৰাৰ লগে লগে অন্ত পৰিল ২১ বছৰীয়া চৰ্চিত কেৰিয়াৰৰ।
২০১৫ চনতে এইজন পাক তাৰকাই টেষ্ট আৰু এদিনীয়াৰপৰা অৱসৰ গ্ৰহণ কৰিছিল। কিন্তু পাকিস্তানৰ টি-২০ দলত আছিল তাৰকা ক্ৰিকেটাৰজন। ২০১৬ বৰ্ষৰ টি-২০ বিশ্বকাপত পাক দলৰ অধিনায়কৰ দায়িত্বটো আছিল আফ্ৰিদী। ক্ৰিকেটৰ এই ক্ষুদ্ৰ সংস্কৰণত খেল অব্যাহত ৰখাটো অনুৰাগীয়ে বিচাৰিছিল যদিও তাৰপৰাও অব্যাহতি ঘোষণা কৰে অলৰাউণ্ডাৰজনে।