66
ডিজিটেল ডেস্কঃ চুবুৰীয়া দেশখনৰ ৭১ সংখ্যাক স্বাধীনতা দিৱসত শুভেচ্ছা জ্ঞাপন কৰিছে পাক ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীয়ে। টুইটাৰত ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা পোষ্ট কৰে ক্ৰিকেটাৰজনে। লগতে তেওঁ উক্ত টুইটত দুই দেশক সমিলমিলেৰে আগবাঢ়ি যাবলৈকো আহ্বান জনায়।
আফ্ৰিদীৰ টুইট, ‘ভাৰতলৈ স্বাধীনতা দিৱসৰ শুভেচ্চা। প্ৰতিবেশীতো আৰু সলনি কৰিব নোৱাৰি। সেয়ে শান্তি, সহিষ্ণুতা আৰু প্ৰেমৰ পথেৰেই আমি আগবঢ়া উচিত। মানৱতাৰ জয় হওঁক।’