গুৱাহাটীঃ অসমীয়াৰ হিয়াৰ আমঠু, বিশ্ববন্দিত শিল্পী সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই ৫০-৬০ দশকত আমেৰিকাৰ ভূমিত মানৱ মুক্তিৰ গীত গোৱা পল ৰবছনৰ সৈতে গাইছিল 'আমি একেখন নাৱৰে যাত্ৰী (উই আৰ ছেম ব’ট ব্ৰাদাৰ)। প্ৰিয়ম্বদা পেটেলৰ দৰে এগৰাকী অতি উচ্চ শিক্ষিত, প্ৰগতিশীল, প্ৰগলভা যুৱতীক প্ৰেমিকাৰূপে লাভ কৰি হৃদয় বিগলিত হোৱা যুৱক ভূপেনদাই মানৱ মুক্তিৰ এই গান গাইছিল প্ৰাণ ঢালি।

সপোন দেখিছিল মাতৃভূমিলৈ উভতি গৈ নিঃস্বজনৰ কল্যাণত মন প্ৰাণ সঁপি দিয়াৰ। সেয়েহে হয়তো ভূপেনদাই প্ৰাণ ঢালি গাইছিল 'মানুহে মানুহৰ বাবে...'দৰে মনপ্ৰাণ শিহঁৰিত কৰা গান। আৰু গাইছিল বাৰিষা ধ্বংসলীলা সূচনা কৰা প্ৰিয় নদ ব্ৰহ্মপুত্ৰৰ প্ৰতি তীব্ৰ আক্ষেপেৰে 'বুঢা লুইত তুমি...'।

সম্প্ৰতি ভূপেনদাৰ এই কালজয়ী গীতেই কলম্বিয়াৰ বিশ্ববিখ্যাত গায়িকা শ্বাকিৰা (সম্পূৰ্ণ নাম ইছাবেল মেবাৰক ৰিপল)ৰ কণ্ঠত (হিন্দী আৰু বাংলা ভাষাত) প্ৰাণ পালে বুলি ব্যাপক চৰ্চা হৈছে। অনেকে হোৱাটএপ্‌ছত এই গান লাভ কৰিছে। শ্বাকিৰাৰ কণ্ঠত সুধাকণ্ঠৰ বুঢ়া লুইতে প্ৰাণ পোৱা বুলি বহুজনে বিশ্বাস কৰিছে।

প্ৰকৃততে শ্বাকিৰাই সুধাকণ্ঠৰ একালৰ বিচৰণস্থলী মিচিচিপি নৈক লৈ এটি গীত গাইছে। এই গীতটিৰ সুৰৰ সৈতে 'বুঢ়া লুইত তুমি...'ৰ সুৰৰ সাদৃশ্য আছে। হোৱাটএপ্‌ছত বিভিন্নজনে লাভ কৰা শ্বাকিৰাৰ ' অল্ড ম্যান ৰিভাৰ...' গীতটোৰ অন্তিমফালে সুধাকণ্ঠৰ  'বুঢ়া লুইত তুমি...’ হিন্দী আৰু বাংলা ভাষাত সংযোজন হৈছে। গীতটোৰ এই সংযোজন শ্বাকিৰাই গোৱাৰ দৰে অনুভৱ হয়।

বহুজনে প্ৰথমৱস্থাত এই গীতৰ ভিডিঅ' ব্যাপক উৎসাহেৰে শ্বেয়াৰ কৰে যদিও পাছত ভুল বুজিব পাৰি ডিলিট কৰে। একেদৰে ইউটিউবটো প্ৰায়  ১১ হেজাৰ লোকে ভিডিঅ'টো উপভোগ কৰে।

উল্লেখ্য যে শ্বাকিৰাৰ উক্ত গীতৰ লগত সংযোজিত সুধাকণ্ঠৰ গীতটি বহু বছৰ পূৰ্বেই প্ৰখ্যাত বাঙালী গায়িকা পূৰবী মুখ্যোপাধ্যায়ে গাইছিল বুলি একাংশ সংগীত প্ৰেমীয়ে জনাইছে।