গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰ চহৰৰ এখন দোকানত সৰ্বশিক্ষা মিছনৰ জোতা উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গোৰেশ্বৰ চহৰৰ পদ সাথী ফুটৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত উদ্ধাৰ হয় জোতা। গোৰেশ্বৰ অৰ্ধসাপ্তাহিক বজাৰত এনে জোতা বিক্ৰী কৰি থকা প্ৰত্যক্ষ কৰা হয় য’ত সৰ্বশিক্ষা মিছনৰ প্ৰতীক অংকন কৰা আছিল।
এই কথা প্ৰচাৰ হোৱাৰ পিছত গোৰেশ্বৰৰ কেবাটাও দল-সংগঠনে অনুসন্ধান চলায় আৰু নয়ন ভৌমিকৰ প্ৰতিষ্ঠানৰ পৰা জোতখিনি বজাৰলৈ বিক্ৰীৰ বাবে অহা বুলি নিশ্চিত হয়। গোৰেশ্বৰ আছু, আক্ৰাছু আৰু মুছলিম যুব পৰিষদে এই ঘটনাৰ উচিত তদন্ত বিচাৰি প্ৰশাসনক দাবী জনায়। অৱশ্যে বহু পলমকৈ গোৰেশ্বৰ আৰক্ষী প্ৰতিষ্ঠানখনত উপস্থিত হৈ জোতাসমূহ জব্দ কৰে।