Home গুৱাহাটীনিৰাপত্তা ব্যৱস্থাক ভেঙুচালী, মহানগৰীৰ মাজ মজিয়াত ব্যৱসায়ীক গুলীয়াই হত্যা

নিৰাপত্তা ব্যৱস্থাক ভেঙুচালী, মহানগৰীৰ মাজ মজিয়াত ব্যৱসায়ীক গুলীয়াই হত্যা

by News Desk
66 views
A+A-
Reset

হাতীগাঁওঃ গুৱাহাটী মহানগৰীত অস্ত্ৰ লৈ বিনাদ্বিধাই ঘুৰিব পাৰে দুৰ্বৃত্তই। তাৰ প্ৰমাণ পোৱা গ’ল বুধবাৰে নিশা প্ৰায় ৯ বাজি ৫ মিনিটত। নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি মহানগৰীৰ মাজমজিয়াত এখন আৰক্ষী থানাৰ পৰা কিছু নিলগত বাইকত অহা দুজনীয়া দুৰ্বৃত্তই শূণ্য দুৰত্বৰ পৰা এগৰাকী যুৱ ব্যৱসায়ীক মূৰত গুলীয়াই হত্যা কৰাৰ ঘটনাই ইয়াকেই প্ৰমাণ কৰিলে।

সেনা-আৰক্ষী, অৰ্ধসামৰিক বাহিনী গিজগিজাই থকা মহানগৰীত এনেদৰে এগৰাকী ব্যৱসায়ীক গুলয়াই হত্যা কৰি দুৰ্বৃত্তই নিৰ্বিঘ্নে উধাও হোৱাৰ ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে। ৰাজধানী মহানগৰীৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া হৈ থকা বুলি মহানগৰ আৰক্ষীয়ে দাবী কৰি আহিছে যদিও এখন আৰক্ষী থানাৰ সমীপতে এগৰাকী ব্যৱসায়ীক এনেদৰে হত্যা কৰি থৈ যোৱাৰ ঘটনাই মহানগৰীৰ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বিষয় প্ৰশ্ন উত্থাপন হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0