বন্ধ হ’ব য়াহু মেচেঞ্জাৰ, ১৯৯৮ চনতে মেচেঞ্জাৰ সেৱা আৰম্ভ কৰিছিল য়াহুৱে

Printer-friendly versionSend by email

newsnextone.com | গুৱাহাটীঃ বিশ্বৰ প্ৰথমটো মেচেঞ্জাৰ বন্ধ হ’ব৷ ভাইবাৰ, হাইক, হোৱাটছএপ, ফেচবুক মেচেঞ্জাৰ আদিৰ ভিতৰত সকলোতকৈ পুৰণি মেচেঞ্জাৰ সেৱা হৈছে য়াহু মেচেঞ্জাৰ৷ বন্ধু তথা পৰিচিত আৰু আপোনজনৰ সৈতে সংযোগ হৈ থাকিবৰ বাবে ছ’ছিয়েল মিডিয়াত প্ৰথমে য়াহু মেচেঞ্জাৰে ব্যৱহাৰ কৰা হৈছিল৷ কিন্তু দুৰসঞ্চাৰ কোম্পানীৰ ৱেৰিজনে ১৭ জুলাইত এই মেচেঞ্জাৰ সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰিছে৷ 

২০১৮ চনৰ ১৭ জুলাইৰ পৰা সকলো মেচেঞ্জাৰতকৈ পুৰণি য়াহু মেচেঞ্জাৰ বন্ধ কৰাৰ বিষয়ে খবৰ ওলাইছে৷ তেতিয়ালকৈ ব্যৱহাৰকাৰীয়ে এই সেৱা উপভোগ কৰিব পাৰিব৷ কোম্পানীয়ে এই সন্দৰ্ভত বিকল্পৰ বাবে কোনো বিকল্প চিন্তা চৰ্চা কৰা নাই৷ আনহাতে য়াহু কোম্পানীয়ে নতুন এপছ তথা নতুন সেৱাৰ আহবঢ়াব যদিও সেয়া এটা গ্ৰুপ মেচেঞ্জাৰ এপহে হ’ব৷ য়াহু স্কিৰল নামৰ এই এপটোত বীটা পদ্ধতিৰহে কাম চলিব৷

যোৱা মাহত এই এপটোৰ পৰীক্ষণ কৰা হৈছিল৷ লগতে য়াহু-এ ৬ মাহৰ ভিতৰত এই এপটোৰ পৰা ব্যৱহাৰকাৰীয়ে পুৰণি চেট ডাউনল’ড কৰিব পাৰিব বুলি জনায়৷ উল্লেখ্য যে, য়াহু কোম্পানীয়ে ইউজাৰ্চসকলক নতুন স্কিৰললৈ স্থানান্তৰিত কৰি য়াহু মেচেঞ্জাৰক এক নতুন ৰূপ দিব বিচাৰে৷

স্নেপচেট, ৱিচেট, ফেচবুকৰ হোৱাটছএপৰ দৰে মেচেঞ্জাৰকো চে পেলাই গৈছিল য়াহু মেচেঞ্জাৰে৷ হঠাতে য়াহু মেচেঞ্জাৰ বন্ধ কৰাৰ ঘোষণাৰ পৰাই ইউজাৰ্চসকল আচৰিত হৈ পৰে৷ জানিব পৰা মতে, ১৯৯৮ চনৰ পৰা য়াহু পেজৰ সৈতে য়াহু মেচেঞ্জাৰৰ মুকলি কৰা হৈছিল৷ আনহাতে ম’বাইলত ইয়াক ই-মেইল তথা এছএমএছৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হৈছিল৷