নতুন দিল্লীঃ কংসৰ ভয়ত কৃষ্ণ কানহায়াক জন্মৰ পাছতে নন্দলালে এতিয়া আৰু যমুনাৰ পানী ফালি দৈৱকীৰ ঘৰত লুকুৱাবলৈ যাব নালাগে! হয়, দীপাৱলীৰ দুদিন পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে যমুনা নদীৰ ওপৰত কেবলৰদ্বাৰা ওলমাই ৰখা অপূৰ্ব সুন্দৰ দলংখন উদ্বোধন কৰে।
ইয়াৰ লগে লগে এই আত্যাধুনিক অসমমাত্ৰিক দলংখন জনতাৰ বাবে মুকলি কৰি দিয়া হয়। ভাৰতৰ প্ৰথমখন এনে দলং পৰ্যটনৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা হৈছে। ’ছিগনেচাৰ ব্ৰিজ’ নামেৰে নামাকৰণ কৰা দলংখনৰ সুমাজতে থকা স্তম্ভটো কুটুব মিনাৰতকৈ দুগুণ ওখ আৰু ইয়াৰ ১৫৪ মিটাৰ উচ্চতাত একেলগে ৫০ জন মানুহ উঠি বিহংগম দৃষ্টিত দিল্লী চহৰখন চাব পাৰিব। এই আইনাৰ কোঠাটোলৈ পৰ্যটকক চাৰিখন লিফটেৰে কঢ়িয়াই নিব।