newsnextone.com। নগাঁওঃ অসমীয়া শিখসকলৰ সৰ্ববৃহৎ বসতিস্থল নগাঁও জিলাৰ বৰক’লাত শিখসকলৰ পবিত্ৰ ধৰ্ম গ্ৰন্থ শ্ৰীগুৰু গ্ৰন্থ চাহিবজীৰ প্ৰকাশ উৎসৱটি বিগত পোন্ধৰ বছৰে নিয়মীয়াকৈ উদযাপিত কৰি অহা হৈছে৷ পূৰ্বৰ ক্ৰম ৰক্ষা কৰি এইবাৰো ছটাকৈ শ্ৰীগুৰু গ্ৰন্থ চাহিবজীৰ পবিত্ৰ অখণ্ড পাঠেৰে যোৱা ২৫ আগষ্টৰ পৰা ৯ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে উৎসৱটি বৰক’লাৰ নানকসৰ গুৰুদ্বাৰ চাহিবত উদযাপন কৰা হয়৷ 

শিখ সংগত, বৰক’লাৰ সহযোগত অতি ওলহ-মালহেৰে আয়োজিত এই উৎসৱ উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা শিখ সমাজৰ লোকসকলৰ উপস্থিতিৰে উৎসৱস্থলীত একপ্ৰকাৰে উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হয়৷ যোৱা ২৫ আগষ্টৰ পৰা ছটাকৈ অখণ্ড পাঠেৰে শুভাৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কামপুৰ ৰাজহ চক্ৰৰ বিষয়া ৰশ্মিৰেখা গগৈ৷ 

ইফালে,উক্ত উৎসৱৰ দেওবাৰে অন্তিম দিনা পুৱা ১০ বজাত শ্ৰীগুৰু গ্ৰন্থ চাহিবজীৰ অন্তিম পবিত্ৰ অখণ্ড পাঠৰ সমাপ্তিৰ পিছতে জলযোগ আৰু দীৱান (ধৰ্মালোচনী) সভা অনুষ্ঠিত কৰা হয়৷ শিখ সংগত, বৰক’লাৰ সম্পাদক প্ৰতাপ সিঙে আঁত ধৰা সভাত বিগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈ অঞ্চল তথা বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা বৃহত্তৰ বৰক’লা অঞ্চলৰ শিখ আৰু আন সম্প্ৰদায়ৰ ডেৰ কুৰিৰো অধিক মেধাবী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷ 

তদুপৰি শিখ সমাজৰ তৰফৰ পৰা এই সভাতে এইবাৰ সাহিত্য পেঞ্চন লাভ কৰা বিশিষ্ট কবি, সাহিত্যিক মনজিৎ সিঙক বিশেষভাবে সম্বৰ্ধনা জ্ঞাপন কৰে৷ সম্বৰ্ধনা গ্ৰহণ কৰি বিশিষ্ট কবি, সাহিত্যিক গৰাকীয়ে ইয়াৰ বাবে শিখ সংগতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে, আচলতে ৰাইজৰ মৰম-চেনেহ আৰু তেওঁৰ প্ৰতি থকা বিশ্বাস তথা আস্থাই সামাজিকভাবে তেওঁক দায়বদ্ধ হ’বলৈ প্ৰেৰণা যোগাইছে৷ 

ভাষণ প্ৰসংগত তেওঁ শ্ৰীগুৰু গ্ৰন্থ চাহিবৰ ৰচনা কাল আৰু বিষয় বস্তুৰ ওপৰত সম্যক আভাস দাঙি ধৰি কয়, শ্ৰীগুৰু গ্ৰন্থ চাহিব কেৱল শিখসকলৰে নহয়, সমগ্ৰ মানৱ জাতিক পথ প্ৰদৰ্শন কৰিব পৰাকৈ ৬ জন শিখ গুৰুৰ উপৰি বিভিন্ন জাতি-কুলৰ ২৭ গৰাকী হিন্দু সাধু-সন্ত আৰু ৩ জন মুছলমান পীৰ ফকীৰৰ অমৰ বাণীৰে সমৃদ্ধ কৰা হৈছে৷ বিয়লি অনুষ্ঠিত হোৱা গুৰু-কা-লংগৰ দ্বাৰা ৯ দিনীয়া এই প্ৰকাশ উৎসৱৰ সফল সামৰণি পেলোৱা হয়।