newsnextone.com। নগাঁওঃ অসমীয়া শিখসকলৰ সৰ্ববৃহৎ বসতিস্থল নগাঁও জিলাৰ বৰক’লাত শিখসকলৰ পবিত্ৰ ধৰ্ম গ্ৰন্থ শ্ৰীগুৰু গ্ৰন্থ চাহিবজীৰ প্ৰকাশ উৎসৱটি বিগত পোন্ধৰ বছৰে নিয়মীয়াকৈ উদযাপিত কৰি অহা হৈছে৷ পূৰ্বৰ ক্ৰম ৰক্ষা কৰি এইবাৰো ছটাকৈ শ্ৰীগুৰু গ্ৰন্থ চাহিবজীৰ পবিত্ৰ অখণ্ড পাঠেৰে যোৱা ২৫ আগষ্টৰ পৰা ৯ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে উৎসৱটি বৰক’লাৰ নানকসৰ গুৰুদ্বাৰ চাহিবত উদযাপন কৰা হয়৷
শিখ সংগত, বৰক’লাৰ সহযোগত অতি ওলহ-মালহেৰে আয়োজিত এই উৎসৱ উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা শিখ সমাজৰ লোকসকলৰ উপস্থিতিৰে উৎসৱস্থলীত একপ্ৰকাৰে উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হয়৷ যোৱা ২৫ আগষ্টৰ পৰা ছটাকৈ অখণ্ড পাঠেৰে শুভাৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কামপুৰ ৰাজহ চক্ৰৰ বিষয়া ৰশ্মিৰেখা গগৈ৷