ডিজিটেল ডেক্সঃ সমগ্ৰ বিশ্বতে উখল মাখল পৰিৱেশৰ সৃষ্টি কৰা এছিয়ান গেমছৰ সমাপ্তি ঘটিল৷ ইণ্ডোনেছিয়াত অতি ধুমধামৰে আদৰাৰ লগতে বেছ জাক জমকতাৰে এই গেমছক বিদায় দিবলৈ উৎসৱৰ দৰে পালন কৰে৷ ইণ্ডোনেছিয়াৰ জাকাৰ্টা জীবিক’ মেন ষ্টেডিয়ামত বিভিন্ন অনুষ্ঠানেৰে এই খেলৰ যৱনিকা পেলায়৷ আনহাতে চীন দেশ তথা ভাৰতেও নিজৰ অনুষ্ঠানেৰে দৰ্শকৰ মন মোহে৷ 

প্ৰথম স্থানত চীনে মুঠ ১৩২ টা সোণৰ পদক, ৰূপৰ পদক ৯২ টাকৈ আৰু ৬৫টা ব্ৰঞ্জৰ পদ কৰিবলৈ সক্ষম হয়৷ আন বিভিন্নখন দেশে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ আনহাতে ভাৰতো তাৰ ভিতৰত এখন৷ অষ্টম স্থান দখল কৰা ভাৰতে ১৫ টাকৈ সোণৰ পদক, ২৪ টা ৰূপ আৰু ৩০ টাকৈ বঞ্জৰ পদক কঢ়িয়াই আনি দেশৰ মান বঢ়ায়৷ 

বিভিন্নজন খেলুৱৈয়ে নিজৰ সুন্দৰ প্ৰদৰ্শনেৰে দৰ্শকৰ মন জিনিবলৈ সক্ষম হয়৷ ইয়াতকৈ আৰু উচ্চ স্থান দখল কৰিবলৈ খেলুৱৈসকলে অলপ কষ্ট, ধৈৰ্য, কৌশলৰ মাত্ৰা উন্নীতকৰণৰ পাছত সুদৃঢ় মনোবলেৰে আগবাঢ়িলে সফলতাৰ শিখৰ স্পৰ্শ কৰিবলৈ সক্ষম হ’ব৷ নিজ দেশলৈ গৌৰৱ কঢ়িয়াই অনা সকলো খেলুৱৈলৈ বিভিন্নজনে অভিনন্দন জনাই দেশলৈ সুনাম কঢ়িয়াই অনা এই খেলুৱৈসকল দেশৰ বাবে হীৰাস্বৰূপ বুলি মন্তব্য কৰিছে৷