গুৱাহাটীঃ হিন্দু বাংলাদেশী সংস্থাপন, এন আৰ চি উন্নীতকৰণ, বৃহৎ নদীবান্ধ নিৰ্মাণ সন্দৰ্ভত সুবিধাজনক স্থিতিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বাংলাভাষী লোকে আক্ৰমণ কৰি ছহিদ বেদী ভাঙি পেলেৱাৰ লগতে কাৰ্যালয়ৰ আচবাব, মটৰচাইকেল ভাঙি চুৰমাৰ কৰে।
সোমবাৰে ধেমাজি জিলাৰ চিলাপথাৰত নিখিল ভাৰত বাঙালী উদ্বাস্তু সমিতিয়ে এথন জনসভাৰ আয়োজন কৰিছিল। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান, হিন্দু বাংলাদেশীক ক্ষমতা প্ৰদান, ডি ভোটাৰ বাতিলকৰণ, বিদেশীৰ নামত হিন্দু বাঙালীৰ ওপৰত অত্যাচাৰ বন্ধ কৰা, ডিটেনশ্যন কেম্পত আৱদ্ধ হিন্দু বাঙালীক বিনাচৰ্তে মুক্তি দিয়াকে আদি কৰি একাধিক দাবীৰ সমৰ্থনত অনুষ্ঠিত বিশাল জনসভাৰ অন্তত সংগঠনটোৱে এটি সমদল উলিয়ায়। সমদল কৰি গৈ থাকোতে চিলাপথাৰ চ’ক বজাৰত থকা চিলাপথাৰ আছুৰ কাৰ্যালয় পাৰ হৈ কাষতে একাংশ সমদলকাৰীয়ে আছুৰ কাৰ্যালয়টোলৈ শিলগুটি নিক্ষেপ কৰে।