71
নলবাৰীঃ জন্মৰ ৪ বছৰ পূৰ্বে গহপুৰত জাতীয় পতাকা উত্তোলন কৰিছিল বীৰাংগনা কনকলতাই। এই ভুল তথ্য সন্নিৱিষ্ট কৰা হৈছে বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় শিক্ষা সংস্থানে প্ৰকাশ কৰা শিশু শিক্ষা সমিতিৰ পাঠ্যপুথিত।
সমিতিৰ অসম প্ৰকাশন ভাৰতীৰ দ্বাৰা প্ৰকাশিত চতুৰ্থ শ্ৰেণীৰ “সমাজ বিজ্ঞান” বিষয়ত এই ভুল তথ্যৰে দেশৰ স্বাধীনতা সেনানী কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিক চৰম অপমান কৰাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীকো বিমোৰত পেলাইছে।