কোকৰাঝাৰঃ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰ প্ৰতি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰদৰ্শন কৰা শেহতীয়া স্থিতিত ক্ষুণ্ণ হৈ পৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু। কোকৰাঝাৰ প্ৰেছ ক্লাৱত অাজি অনুষ্ঠিত এক সংবাদমেলত অাক্ৰাছুৰ সভাপতি প্ৰদীপ ৰায় অাৰু সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয় যে কোচ ৰাজবংশীসকলৰ সমস্যা সমাধানত পূৰ্বৰ কংগ্ৰেছ আৰু বৰ্তমানৰ বিজেপি চৰকাৰৰ মাজত কোনো পাৰ্থক্য নাই ।
কংগ্ৰেছ দলে যেনেকৈ বিভিন্ন সময়ত কোচ ৰাজবংশীৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি আহিছিল বিজেপি দলেও একেই পন্থাৰ আশ্ৰয় লৈছে। সংগঠনৰ নেতাদুগৰাকীয়ে ক্ষোভ উজাৰি সংবাদ মাধ্যমৰ আগত কয় যে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত বিজেপি দলে কেন্দ্ৰত চৰকাৰ গঠন কৰিলেই ৬ মাহৰ ভিতৰতে জনজাতিকৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পিছত বিজেপিয়ে ওলোটাই জনজাতিকৰণৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰৰ অামোলত হোৱা সকলো অনুমোদন নাকচ কৰি নতুন আৰ্হি সলনিৰ জৰিয়তে জনজাতিকৰণৰ প্ৰস্তাৱ ল’লে যদিও বৰ্তমানেও আৰ্হি সলনিৰ প্ৰতিবেদন দাখিল নহ’ল ।