উত্তৰ প্ৰদেশঃ নিৰ্বাচনী সভাত বিতৰ্কিত কথা কৈ নিৰ্বাচনী আয়োগৰ ৰোষত পৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী অখিলশ যাদৱ। ”টকা যিকোনো দলৰপৰাই লওক, কিন্তু ভোটটো চাইকেলৰ ছৱিত দিলেই হ’ল’’- ৪ মাৰ্চত এখন নিৰ্বাচনী সভাত এনেদৰে মন্তব্য কৰিছিল অখিলেশে।
ইয়াৰ পিছতে নিৰ্বাচনী আয়োগে অখিলেশলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে যাৰ উত্তৰ মঙলবাৰে ৫ বজাৰ ভিতৰত দিব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ৮ মাৰ্চত অনুষ্ঠিত হ’ব।