চিলাপথাৰঃ এক সুখবৰে আনন্দিত কৰি তুলিলে চিলাপথাৰবাসীক। ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণ লাভ কৰি সুনাম কঢ়িয়াই আনিলে চিলাপথাৰৰ কিশোৰ ওম চন্দ্ৰ চেত্ৰীয়ে (১৪ বছৰৰ অনুৰ্ধ)। 

যোৱা ২৩-২৬ জুনলৈকে মধ্যপ্ৰদেশৰ ভূপালত অনুষ্ঠিত 'প্ৰি টিন' আৰু 'প্ৰি জুনিয়ৰ' ৰাষ্ট্ৰীয় পেনচাক চিলাত চেম্পিয়নচীপত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। দেশৰ ৩২ খন ৰাজ্যৰ ৯০০ খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত। 

বহু আগশাৰীৰ সমৰকলাৰ খেলুৱৈক ধাৰাশায়ী কৰি এই শ্ৰেষ্ঠত্ব অৰ্জন কৰে কিশোৰে। প্ৰতিভাৱান খেলুৱৈজনে ক্ৰীড়াংগণৰপৰা আহি যোৱা শনিবাৰে গৃহ নগৰ চিলাপথাৰ ৰে'ল ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে আগছুৰ কৰ্ম কৰ্তা লগতে বহু লোকে আদৰনি জনায়। 

আগছুৰ ধেমাজি জিলাৰ সভাপতি ৰাজু তামাং আৰু সাধাৰন সম্পাদক সোমৰাজ পুৰীৰ নেতৃত্বত যোৱা কৰ্মকৰ্তাৰ এটা দলে ষ্টেচনতেই উষ্ম সম্বৰ্ধনা জনায়। উৎসৱৰমুখৰ পৰিৱেশৰ মাজত খেলুৱৈ জনক খনামুখস্থিত গৃহলৈকে আদৰি নিয়ে। 

চিলাপথাৰ খনামুখৰ কৃষ্ণ চেত্ৰী আৰু পাৰ্বতী চেত্ৰীৰ সুযোগ্য পুত্ৰ ওম চন্দ্ৰৰ সাফল্যত গৌৰৱান্বিত স্থানীয় ৰাইজ। খেলুৱৈ ওম চন্দ্ৰ মাদুৰিপথাৰ চেইণ্ট পিটাৰ্চ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ। প্ৰতিশ্ৰুতি সম্পন্ন খেলুৱৈ জনক উৎসাহিত কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত ৰাইজে আহ্বান জনাইছে।