গুৱাহাটীৰ শিলসাঁকোৰ এক প্ৰতিবাদে এতিয়া দখল কৰিছে সংবাদ মাধ্যমৰ শিৰোনাম। শুকুৰবাৰে অসমৰ ইতিহাসত প্ৰথম বাৰৰ বাবে চৰকাৰৰ বিৰুদ্ধে অৰ্দ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰিলে একাধিক মহিলাই। শিলসাঁকো উচ্ছেদৰ বিৰুদ্ধে কৰা এই প্ৰতিবাদৰ পিছতে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। খিলঞ্জীয়াৰ সুৰক্ষাৰ শ্লোগান গাই ক্ষমতা দখল কৰা বিজেপি চৰকাৰে আজি খিলঞ্জীয়াকে উলংগ হ’বলৈ বাধ্য কৰোৱা বুলিও অভিযোগ উঠিছে।
অসমত প্ৰতিবাদ নতুন বিষয় নহয়। চৰকাৰৰ বিভিন্ন নীতিৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে অসমৰ জনতাই। এই প্ৰতিবাদৰো প্ৰকাৰ ভিন্ন। কেতিয়াবা যদি মহিলাই মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে, প্ৰণৱ বড়োৰ দৰে যুৱকে আকৌ নিজৰ গাতে পেট্ৰ’ল ঢালি আত্মহত্যা কৰি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ।