এতিয়া কিমান চন চলি আছে? উত্তৰত আপুনি ক’ব ২০২৩ চন। কিন্তু আমি যদি কও, এতিয়া চন ২০৮০। অথবা আমি যদি কও এতিয়া চলি আছে ১৯৪৫? সেয়া শুনি হয়তো আপুনি আচৰিত হ’ব বা আমাক পাগল আখ্যা দিব।
শুনি আচহুৱা লাগিলেও এয়াই সত্য যে যিদৰে এতিয়া ২০২৩ চলি আছে, সেইদৰেই এতিয়া চলি আছে ২০৮০ আৰু ১৯৪৫ চনো। দৰাচলতে ভিন্ন সভ্যতা-সংস্কৃতি আৰু দেশৰ বছৰৰ ভিন্ন জোখ-মাখে নিৰ্ধাৰণ কৰে যে বৰ্তমানৰ সময়। সময়ৰ এই জোখ-মাখকেই কোৱা হয় কেলেণ্ডাৰ বুলি। দেশ, সভ্যতা আৰু সংস্কৃতিভেদে ভিন্ন হৈ পৰে সময়ৰ জোখ-মাখ। যাৰ বাবে চলি থকা বছৰৰ হিচাব ভিন্ন হয়। এয়া এক আমোদজনক বিষয়।