বঙাইগাঁওঃ বঙাইগাঁও তথা পশ্চিম অসমৰে ভিতৰত নাৰী শিক্ষা সম্প্ৰসাৰণৰ এখন অন্যতম শিক্ষানুষ্ঠান হৈছে বঙাইগাঁও সদৰৰ সোমাজতে অৱস্থিত বীৰঝৰা কন্যা মহাবিদ্যালয়৷ ১৯৯৩ চনত স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰী আৰু স্থানীয় ৰাইজৰ আশাশুধীয়া প্ৰচেষ্টাত গঢ় লৈ উঠিছিল বীৰঝৰা কন্যা মহাবিদ্যালয়৷
এয়াই যেন আছিল এটি সপোনৰ আৰম্ভণি৷ ইয়াৰ পিছত আৰু ঘূৰি চাবলগীয়া হোৱা নাই৷ নাৰী শিক্ষাৰ ক্ষেত্ৰত প্ৰতিবছৰে প্ৰভূত বৰঙণি যোগাই অহা এই মহাবিদ্যালয়খনিয়ে অহা ২০ আগষ্টত গৌৰৱোজ্জ্বল ২৪ বছৰ অতিক্ৰম কৰি ২৫ টা বছৰত ভৰি দিব৷