হোজাইঃ অসম সাহিত্য সভাৰ নীলবাগান শাখাৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি বৰ্নাঢ্য কাৰ্যসূচীৰে নীলবাগানস্থিত মৌলানা মছদ্দৰ আলী বিদ্যাপীঠত পালন কৰা হয়৷ মৌলানা আজাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুৰ ৰসিদ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সভা৷
সঙাৰ উদ্দেশ্য বাখ্যা কৰে নীলবাগান শাখা সাহিত্য সভাৰ সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী আইনুল হক চৌধুৰীয়ে৷ সভাৰ উদ্দেশ্য বাখ্যা কৰি আইনুল হক চৌধুৰীয়ে বৃহত্তৰ নীলবাগান এলেকাৰ ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ লগতে সৰু কালৰে পৰা যাতে ভাষা সাহিত্য চৰ্চাৰ প্ৰতি আগ্ৰহ জন্মে তাৰেই উদ্দেশ্য আগত ৰাখি ২০১৬ চনৰ ১৮ আগষ্ট তাৰিখে নীলবাগান শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠা কৰা হৈছিল বুলি কয়৷