ডিব্ৰুগড়ঃ ৰাষ্ট্ৰীয় ঘাইপথ নহয় যেন পুখুৰী হে৷ প্ৰকাণ্ড প্ৰকাণ্ড গাতত পানী ভৰি থকাত ধৰিবই নোৱাৰি পথ নে পুখুৰী৷ গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ কৃপাতে এতিয়া ৰাষ্ট্রীয় ঘাইপথত সৃষ্টি হৈছে এনে কৃত্ৰিম পুখুৰী। ডিব্ৰুগড় জিলাৰ মাজেৰে পাৰ হৈ যোৱা ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ বোকাত মাৰুতি ভান সোমাই ৰৈ আজি বহু সময় ধৰি নগুৰ-নাকতি হয় কেইবাগৰাকী লোকৰ৷
গাঁৱৰ কথা এৰক ৰাষ্ট্ৰীয় ঘাইপথত যেতিয়া বোকাত গাড়ী সোমাই ওলাব নোৱাৰা হৈছে গড়কাপ্তানী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য কিমান ঘোৰ নিদ্ৰাত পৰিছে ভাবক। ৰাজ্যৰ বাকী পথ সমূহৰ কথাটো দূৰৈৰ কথা স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালাৰ গৃহ জিলাতে ৰাষ্ট্রীয় ঘাই পথৰ এনে পুতৌজনক অৱস্থাই অসম চৰকাৰৰ গড়কাপ্তানী বিভাগটো যে চৰমভাৱে ব্যৰ্থ হৈছে তাৰ প্ৰমাণ দাঙি ধৰিছে।