চামগুৰিঃ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত পুনৰ সন্মান বুটলিবলৈ সক্ষম হ’ল অসম জীয়ৰী তথা নগাঁও জিলাৰ পুৰণিগুদামৰ পঞ্চী বৰাই। বিগত বৰ্ষৰ দৰে এইবৰ্ষতো অসমৰ ক্ৰীড়া জগতলৈ সন্মান কঢ়িয়াই পঞ্চীয়ে কৰ্ণাটকত অনুষ্ঠিত হোৱা ২০১৭ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগক্ৰীয়া প্ৰতিযোগিতাত দেশৰহৈ অংশগ্ৰহন কৰি দ্বিতীয় শ্ৰেষ্ঠ তথা ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, যোৱা বৰ্ষটো ভিয়েটনামত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অসমৰ পৰা যোৱা একমাত্ৰ প্ৰতিযোগী হিচাপে পঞ্চী বৰাই দেশক প্ৰতিনিধিত্ব কৰি সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল। ২০১৭ বৰ্ষৰ এই যোগ প্ৰতিযোগিতাখনত ভাৰত, ইৰান, আফগানিস্তান, ভিয়েটনাম আদি বিশ্বৰ বহু সংখ্যক দেশে ভাগ লৈছিল।