কলকাতাঃ ভাৰতীয় সংগীতৰ ক্ষেত্ৰখনলৈ আন এক দুঃসংবাদ। প্ৰসিদ্ধ কণ্ঠশিল্পী কেকে (কৃষ্ণকুমাৰ কুন্নাথ) আৰু নাই। মঙলবাৰে নিশা কলকাতাৰ গুৰুদাস কলেজৰ এক অনুষ্ঠানত গীত পৰিৱেশন কৰি উঠাৰ কিছু সময় পিছতেই শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। নজৰুল মঞ্চত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান।
অনুষ্ঠান চলি থকাৰ সময়তে কেবাবাৰো নৰিয়া দেহৰ কথা উল্লেখ কৰিছিল কেকেই। অসুস্থ শৰীৰৰ বাবে স্পটলাইট অফ কৰি দিবলৈ কৈছিল শিল্পীগৰাকীয়ে। অনুষ্ঠানত বাংলা আৰু হিন্দীৰ লগতে কেবাটাও ভাষাত গীত পৰিৱেশন কৰিছিল কেকেই।